Breaking

বিশ্বকাপ ফাইনেলৰ পূৰ্বে ৰজনীকান্তৰ ভৱিষ্যদ্বাণী, ক’লে কোন জয়ী হ’ব…

0 17,812

ৰজনীকান্তৰ ভৱিষ্যদ্বাণীঃ ২০২৩ চনৰ বিশ্বকাপ বিজয়ীক লৈ ছুপাৰষ্টাৰ ৰজনীকান্তই কৰিছে ভৱিষ্যদ্বাণী। বিশ্বকাপৰ ফাইনেলক লৈ অতিশয় উৎসাহিত ৰজনীকান্ত আৰু তেওঁ কয় যে এইবাৰ ভাৰতেই জয়ী হ’ব। ছুপাৰষ্টাৰ ৰজনীকান্তই বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলৰ পূৰ্বে কয় যে তেওঁ ১০০ শতাংশ নিশ্চিত যে কাপ আমাৰ। ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰজনীকান্তৰ এই বক্তব্য। ছুপাৰষ্টাৰ ৰজনীকান্ত ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেল খেলখন চাবলৈ উপস্থিত হৈছিল। য’ত ছুপাৰষ্টাৰগৰাকীয়েও ভাৰতৰ জয়ত সুখ প্ৰকাশ কৰে। ইয়াৰ পিছত এক বাৰ্তালাপত ৰজনীকান্তই ক’লে- প্ৰথমতে মই নাৰ্ভাছ হৈছিলোঁ। পিছত সকলো ঠিক হৈ গ’ল। সেই ডেৰ ঘণ্টাত মই বৰ নাৰ্ভাছ হৈছিলো, কিন্তু কাপ (বিশ্ব) যে আমাৰেই সেই কথা ১০০% নিশ্চিত।

আপোনালোকক জনাওঁ যে, ২০২৩ চনৰ ১৯ ​​নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ ভাৰত বনাম অষ্ট্ৰেলিয়াৰ অন্তিমখন খেল। এই লৈ ক্ৰিকেট প্ৰেমীসকল অতিশয় উৎসাহিত। এফালে ফাইনেললৈ অপেক্ষা আৰু আনফালে ৰজনীকান্তৰ ভৱিষ্যদ্বাণী শুনি অনুৰাগীৰ উত্তেজনাৰ মাত্ৰা চাৰিগুণ বৃদ্ধি।

Leave A Reply