পাকিস্তানৰ হাতত থকা পাৰমাণৱিক অস্ত্ৰ সঁচাই নিৰাপদ নে ? ‘অপাৰেচন সিন্দুৰ’ৰ পিছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।(Rajnath Singh) বৃহস্পতিবাৰৰ দুপৰীয়াৰ শ্ৰীনগৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছৰ মুখ্য কাৰ্যালয়লৈ গৈ বিষয়াসকলৰ সৈতে কথা পাতিলে। ‘অপাৰেচন সিন্দুৰ’ৰ পিছত এয়া ৰাজনাথৰ প্ৰথম ভ্ৰমণ।
পাকিস্তানৰ বাবে পাৰমাণৱিক অস্ত্ৰ থকাটো নিৰাপদ নে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে ক’লে, “গোটেই বিশ্ববাসীৰ প্ৰতি মোৰ প্ৰশ্ন, ইমান দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে?” একে সময়তে তেওঁ কয় যে মই ভাবো পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ তত্বাৱধানত ৰখা উচিত। প্ৰসংগক্ৰমে এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে বিশ্বৰ বিভিন্ন দেশৰ পাৰমাণৱিক কাৰ্যকলাপ নিৰীক্ষণ কৰে।
ৰাজনাথে কয় যে পাৰমাণৱিক অস্ত্ৰৰে পাকিস্তানৰ ‘ব্লেকমেইল’ ভাৰতে সহ্য নকৰে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও একেধৰণৰ সুৰত কৈছিল, “যেতিয়া আমাৰ সশস্ত্ৰ বাহিনীয়ে পাৰমাণৱিক ভাবুকি প্ৰতিহত কৰিছে, তেতিয়া আমাৰ শত্ৰুৱে বুজি পাইছে যে ‘ভাৰত মাতা কি জয়’ৰ অৰ্থ কি।”
ৰাজনাথেও সেনাৰ বীৰত্বক অতিশয় প্ৰশংসা কৰে। সেনাবাহিনীক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ‘অপাৰেচন সিন্দুৰত আপোনালোকে যি কাম কৰিছে তাক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত। বৃহস্পতিবাৰে ৰাজনাথে কাশ্মীৰৰ বাদামিবাগ সেনা শিবিৰ পৰিদৰ্শন কৰে। এই সেনা শিবিৰতে পাকিস্তানৰ গোলাবৰ্ষণ আহিছিল।