অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানক(Rajnath Singh)পুনৰ সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আজি ৰাজধানী দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ সংঘৰ সন্মিলনৰ উদ্বোধনী পূৰ্ণাংগ বৈঠকত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ পদক্ষেপৰ ভূমিকাক প্ৰশংসা কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ দ্বৈত লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ কয় যে ভাৰতে সদায় হৃদয় সংযোগৰ কথা কয়, বিভাজনৰ নহয়। মহাৰাণা প্ৰতাপৰ ভাতৃ শক্তি সিঙৰ উদ্ধৃতি দি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।
পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এদিন হ’লেও PoK ভাৰতৰ অন্তৰ্ভুক্ত হ’ব, POKৰ বাসিন্দাই অন্তৰাত্মাৰ আহ্বান শুনিব।
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ সামৰিক সঁহাৰি অপাৰেচন সিন্দুৰ। ৭ মে’ত আৰম্ভ হোৱা এই অভিযানত জয়ছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনক লক্ষ্য কৰি লোৱা হৈছিল, যাৰ ফলত ১০০ৰো অধিক উগ্ৰপন্থীক নিৰ্মূল কৰা হৈছিল। পাকিস্তানৰ প্ৰতিশোধমূলক সীমা অতিক্ৰম কৰি গোলাবৰ্ষণ আৰু ড্ৰ’ন আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ ১১টা বিমানঘাটিৰ মূল সামৰিক আন্তঃগাঁথনি ধ্বংস কৰি প্ৰতিশোধ লয়।

