আজি পুৱা পাকিস্তানে(Rajouri News) ৰাজৌৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য অঞ্চলৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ সময়তে জম্মু-কাশ্মীৰ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়া নিহত হয়। নিহত ব্যক্তিগৰাকী জম্মু-কাশ্মীৰ প্ৰশাসনৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত। নিহত বিষয়াগৰাকীৰ নাম ৰাজকুমাৰ কুমাৰ থাপা। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰকাশ কৰিছে এই তথ্য।
Devastating news from Rajouri. We have lost a dedicated officer of the J&K Administration Services. Just yesterday he was accompanying the Deputy CM around the district & attended the online meeting I chaired. Today the residence of the officer was hit by Pak shelling as they…
— Omar Abdullah (@OmarAbdullah) May 10, 2025
বিজেপি নেতা ৰবিন্দৰ ৰাইনাই কয় যে ৰাজকুমাৰ কুমাৰ থাপাৰ মৃত্যুত গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। তেওঁ আছিল অতি সাহসী বিষয়া যিয়ে পৰম আন্তৰিকতাৰে জাতি আৰু সমাজৰ সেৱা কৰিছিল।
২৬ জন নিৰীহক হত্যা কৰা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত লক্ষ্যভিত্তিক আক্ৰমণ চলোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ অসামৰিক অঞ্চলসমূহত সীমান্তৰ সিপাৰৰ পৰা তীব্ৰ গুলীচালনাৰ সন্মুখীন হৈছে।