আজি আছিল কন্যাৰ পুষ্পিতা (Raju Gogoi) বিয়াৰ অভ্যৰ্থনাৰ দিন। অতিথি অভ্যাগতৰ বাবে সকলো যা-যোগাৰ কৰি ব্যস্ত হৈ পৰিছিল পিতৃ। দূৰণিবটীয়া দুই এজন অতিথি আহিবলৈ আৰম্ভ কৰিছিলহে মাথোঁ ! তেনে সময়তে ফেন লগাই থোৱা এখন চুইছ বৰ্ডত কিছু বিসংগতিয়ে দেখা দিয়ে।
সেইয়ে বিসংগতি ঠিক কৰাত নিজেই লাগি গৈছিল কন্যাৰ পিতৃ ৰাজু গগৈ। বৰ্ডখন খোলা মেলা কৰাৰ সময়ত বৈদ্যুতিক চৰ্ট চাৰ্কিট হৈ তেওঁ চিঞৰ মাৰি ধলি পৰে।
লগে লগে বিয়াঘৰত উপস্থিত একাংশ লোকে তেওঁক তৎকালীনভাৱে মাছখোৱা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও তাত উপযুক্ত চিকিৎসা লাভ নকৰাত মৃত্যুক আকোৱালি লয়।
শিমলুদোঙা গাঁৱৰ নিবাসী অতি সৰবৰহী ব্যক্তি ৰাজু গগৈ আছিল ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত হাৰ্হি পঞ্চায়তৰ ২০৩ নং বুথৰ সম্পাদক।
নিজ কন্যাৰ পূষ্পিতা বিয়াৰ অভ্যৰ্থনাৰ দিনাই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা দুৰ্ঘটনাত আজি ৰাজু গগৈয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটিব লগাৰ এই ঘটনাই সমগ্ৰ পশ্চিম মাছখোৱাতে শোকৰ ছাঁ পেইলাইছে।