ৰাজ্যসভাত অনুমোদন নতুন বিধেয়ক : কৰ’না যুদ্ধাক আক্ৰমণ কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাবাস

দৈনন্দিন বাৰ্তা ডেস্ক : কৰ’না যুদ্ধা চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ ওপৰত আক্ৰমণ কৰিলে সর্বোচ্চ শাস্তি হ’ব পাৰে ৫ বছৰ কাৰাবাস ৷ এই মৰ্মে শনিবাৰে ৰাজ্যসভাত গৃহিত হ’ল নতুন বিধেয়ক ৷ মহামাৰী ৰোগ (সংশোধনী) বিধেয়ক ২০২০ নামৰ এই বিধেয়কখন শনিবাৰে উচ্চ সদনত দাখিল কৰে স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে ৷ যোৱা ২২ এপ্ৰিলত ইছ্যু হোৱা অধ্যাদেশখন সংশোধন কৰি নতুন আইন বলবৎ কৰাৰ উদ্দেশ্যে এই বিধেয়ক ৷ এই বিধেয়কত কোৱা হৈছে যে বর্তমান মহামাৰীৰ সময়ত স্বাস্থ্য পৰিসেৱাৰ সৈতে যুক্ত কোনো কৰ্মীৰ প্ৰতি কোনো ৰকমৰ আক্ৰমণ মানি লোৱা নহ’ব ৷ এপ্ৰিলত এই সংক্ৰান্তত অধ্যাদেশ অনা হৈছিল ৷ মহামাৰী ৰোগ আইন, ১৮৯৭ৰ সংশোধন কৰি এই অধ্যাদেশ গৃহিত কৰোৱা হৈছিল মহামাৰীৰ সময়ত স্বাস্থ্যকর্মীৰ ওপৰত হোৱা আক্ৰমণ আৰু সম্পত্তিৰ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা কৰিবৰ বাবে ৷ কৰ’না সংক্রমণ মহামাৰীৰ আকাৰ লোৱাৰ পাচৰ পৰাই সমগ্ৰ দেশত স্বাস্থ্যকর্মীক নানা ধৰণেৰে আক্ৰমণ কৰাৰ ঘটনা ঘটি আহিছে ৷ কোনো কোনো ঠাইত আক্ৰমণ বা সম্পত্তি নষ্ট কৰাৰ অভিযোগ যিদৰে আহিছে, তেনেদৰে নিজৰ এলেকাত কৰ’না যুদ্ধাৰ সোমাবলৈ নিদিয়াৰ ঘটনা ঘটিছে ৷ এনে ধৰণৰ ঘটনা যাতে নঘটে তাৰ বাবে এই অধ্যাদেশ গৃহিত কৰোৱা হৈছিল ৷ অৱশেষত বিধেয়ক হিচাপে অনুমোদন কৰি এই অধ্যাদেশক আইনত পৰিণত কৰাৰ পদক্ষেপ ল’লে কেন্দ্ৰই ৷ বিধেয়কখনত কোৱা হৈছে, স্বাস্থ্যকর্মী বা চিকিৎসকক শাৰীৰিক আক্ৰমণৰ উপৰি কোনো চিকিৎসা কেন্দ্ৰ বা মহামাৰীৰ চিকিৎসাত ব্যৱহৃত কোনো স্থান ধ্বংস কৰিলেও শাস্তি হ’ব ৷ নতুন বিধেয়ক অনুসৰি এই ধৰণৰ কোনো অভিযোগ আহিলে পৰিদৰ্শক পৰ্যায়ৰ কোনো বিষয়াই বিষয়টো তদন্ত কৰি ৩০ দিনৰ ভিতৰত চাব ৷ বিচাৰ শেষ কৰিব লাগিব এবছৰৰ ভিতৰত৷ আদালতে চাই কোনো লিখিত কাৰণৰ ভিত্তিত বিচাৰৰ সময়সীমা বৃদ্ধি কৰিব পাৰে৷ অপৰাধ প্ৰমাণিত হ’লে তিনি মাহৰ পৰা ৫ বছৰ কাৰাবাস খাতিব লাগিব ৷ ইয়াৰ লগতে ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব ৷

Related Articles