Rajya Sabha elections 2025: ৰাজ্যসভাৰ নিৰ্বাচনঃ অসমৰ ২, তামিলনাডুৰ ৬ খন; আসনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যসভাৰ অসমৰ দুখন, তামিলনাডুৰ ৬খন আসনৰ(Rajya Sabha elections 2025)নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে৷ অসম আৰু তামিলনাডুৰ ৰাজ্যসভাৰ ৮খন আসনৰ আগন্তুক নিৰ্বাচনৰ বাবে সোমবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰে৷ অধিসূচনা জাৰি কৰাৰ পিছতে অসম আৰু তামিলনাডুৰ পৰা উচ্ছ সদনৰ এই আঠখন আসনৰ বাবে মনোনয়ন দাখিলৰ পৰ্ব আৰম্ভ হৈছে ৷ উল্লেখ্য যে ৰাজ্যসভাৰ আঠখন আসনৰ ভিতৰত অসমৰ দুখন আৰু তামিলনাডুৰ ৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ এই আসনসমূহৰ নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰিছে৷ কিয়নো উক্ত আসনকেইখনৰ বৰ্তমানৰ সদস্যসকলে চলিত মাহত আৰু জুলাই মাহত অৱসৰ গ্ৰহণ কৰিব৷ অসমৰ দুই ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অহা ১৪ জুনত অৱসৰ গ্ৰহণ কৰিব৷ আনহাতে, তামিলনাডুত ২৪ জুলাইত অৱসৰ ল’ব অনম্বুমণি ৰামাডোছ, এম শ্বানমুগাম, এন চন্দ্ৰশেখৰণ, এম মহম্মদ আব্দুল্লা, পি উইলছন আৰু ভাইকোৱে৷ ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৯ জুন আৰু পিছদিনা মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব৷ আনহাতে, অধিসূচনা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১২ জুন৷ ১৯ জুনৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই ভোটগণনা হ’ব৷ ইফালে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ২৩ জুনত৷

উল্লেখ্য যে ভাৰতীয় নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশ অনুসৰি, বেলট কাকতত ভোটদানৰ উদ্দেশ্যে কেৱল ৰিটাৰ্নিং বিষয়াই প্ৰদান কৰা পূৰ্বনিৰ্ধাৰিত নিৰ্দিষ্টকৰণৰ সংহত বেঙুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰিব লাগিব৷ উল্লিখিত নিৰ্বাচনত কোনো কাৰণতে আন কোনো কলম ব্যৱহাৰ কৰিব নোৱাৰিব৷ নিৰ্বাচন পেনেলে পৰ্যবেক্ষক নিযুক্তি দি নিৰ্বাচনী প্ৰক্ৰিয়াৰ তীক্ষ্ণ নিৰীক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে, যাতে মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত হয়৷’

Related Articles