ৰমজান শব্দৰ অৰ্থ হৈছে তাপমাত্রা বা শুষ্কতা। এয়া হৈছে ইমানদাৰ সকলৰ পৰীক্ষাৰ মাহ। পবিত্র মাহে ৰমজান হৈছে ইমানদাৰ সকলৰ আনন্দৰ মাহ। মাহে ৰমজানত মুছলমান সকলে চোবেহ ছাদিক(Ramadan) (ৰাতিৰ শেষভাগ) ত চেহেৰী (খাদ্য) গ্রহণ কৰি প্ৰায় ১৪ পৰা ১৫ ঘন্টা সময় উপবাস থাকিব সূৰ্যাস্ত যোৱা পিছত হে ইফতাৰ গ্ৰহণ অৰ্থাৎ উপবাস ভংগ কৰাকে ৰোজা বুলি কোৱা হয়। ৰোজা (উপবাস) কৰা সকলো মুছলমানৰ বাবে ফৰজ (বাধ্যতামূলক)।

কিছুমান ব্যক্তি যেনে যিসকলে দৈনিক ঔষধ সেৱন কৰে জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ, শিশুয়ে মাকৰ স্তন্যপান কৰে আৰু কিছু বিশেষ কাৰণত মাহে ৰমজানৰ ৰোজা (উপবাস)ৰ বিৰত থকাৰ নিৰ্দেশ আছে ইছলামীৰ শৰিয়ত অনুযায়ী। কিন্তু পৰবৰ্তী সময়ত ক্ষতি হোৱা ৰোজা (উপবাস) থাকিব লাগিব মুঠতে ৰোজা (উপবাস) মুছলমান সকলৰ বাবে অপৰিহাৰ্য। অন্য মাহৰ তুলনাত ৰোজা (উপবাস) না ৰাখি যি আত্ম আনন্দ নাপায়।
ৰোজা ৰাখি কিন্তু মুছলমান সকলে আত্মশুদ্ধিৰ অনুভব পায়। গোটেই দিনটো পানাহাৰ নকৰি ৰাতিত আল্লাহ উপাসনাত তাৰাবীৰ নামাজ আদায় কৰে। ৰোজাৰ মাহ হৈছে গোনাহৰ পৰা মুক্তি পোৱাৰ মাহ, ৰোজাৰ মাহক আল্লাহ পাকে তিনিটা ভাগত ভাগ কৰিছে। প্ৰথমৰ ১০ ৰহমত, মাজৰ ১০ দিনত বৰক্কত, শেষৰ ১০ দিনত জাহান্নামৰ পৰা মুক্তি। মাহে ৰমজানত আল্লাহ পাক অসংখ্য ৰহমত বৰক্কত নাজিল কৰে। সেয়ে পবিত্র মাহে ৰমজান হৈছে আত্মশুদ্ধিৰ মাহ।
লেখকঃ হাফিজ গিয়াছউদ্দিন আহমেদ

