Ramakanto Deori: বনফুল প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভাত ৰমাকান্ত দেউৰীৰ দুখনকৈ গ্ৰন্থ উন্মোচন

অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী প্ৰেক্ষাগৃহত দিনৰ ১১বজাত(Ramakanto Deori) এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত লেখক তথা ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া ৰমাকান্ত দেউৰীয়ে লিখা ‘দেউৰী জনগোষ্ঠীৰ পাটৰগঞা খেলৰ ইতিহাস” শীৰ্ষক গ্ৰন্থখন বিশিষ্ট সাহিত্যিক, চিন্তাবিদ তথা দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰীয়ে উন্মোচন কৰে ৷ আনহাতে ৰমাকান্ত দেউৰীৰ আনখন গ্ৰন্থ “এটি হেৰুৱা ফৈদৰ সন্ধানত বাংলাদেশ ভ্ৰমণ” উন্মোচন কৰে ঔপন্যাসিক ,লেখক অসীম কুমাৰ বৰুৱাই৷

গ্ৰন্থদুখন প্ৰকাশ কৰিছে বনফুল প্ৰকাশনৰ হৈ বিনু দেউৰী বৰুৱাই৷ সভাৰ আৰম্ভণিতে কেইবাখনো গ্ৰন্থৰ প্ৰণেতা,সাহিত্যিক অনুপ কুমাৰ দেউৰীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ সভাত দুয়োগৰাকী উন্মোচকে নিজহাতে উন্মোচিত কৰা গ্ৰন্থদুখন সম্পৰ্কে একোটিকৈ মননশীল বক্তব্য আগবঢ়ায়৷ এই গ্ৰন্থ উন্মোচনী সভাত উদ্দেশ্য বাখ্যা আৰু আদৰণী ভাষণ প্ৰদান কৰে সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক যশস্বী অনুবাদক- সাহিত্যিক তথা বনফুল প্ৰকাশনৰ প্ৰকাশন উপদেষ্টা বিপুল দেউৰীয়ে৷

সভাখনত তিৱা সাহিত্য সভাৰ দুগৰাকী উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আৰু যোগেশ্বৰ বৰদলৈ
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুন্দৰ-মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে৷ সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত মৃত্যুবৰণ কৰা মৃতকসকলৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷

সভাত হেমচন্দ্ৰ দাস,অপৰ্ণা বৰুৱা,বলীন্দ্ৰ ডেকাৰজা,তুষাৰ কান্তি দাস,মিতালী দাস,তপন কটকী,চিনু কটকীক বনফুল প্ৰকাশনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানটিত দেউৰী জাতীয় মঞ্চৰ সভাপতি কবি ড° অতুল কুমাৰ দেউৰী ভৰালীয়ে লেখক ৰমাকান্ত দেউৰীক শুভেচ্ছা জ্ঞাপনৰে এটি কবিতা পাঠ কৰে৷

সভাখনত সাংস্কৃতিক সংগঠক নকুল চন্দ্ৰ দেউৰী,কবি সুবন্তি দেউৰীয়ে বক্তব্য আগবঢ়োৱাৰ লগতে ভালেসংখ্যক গ্ৰন্থপ্ৰেমী ৰাইজ উপস্থিত থাকি গ্ৰন্থ উন্মোচনী সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

Related Articles