পাকিস্তানৰ কৰাচীৰ আৰ্টছ কাউন্সিলত একাংশ মুছলমান শিল্পীয়ে মঞ্চস্থ কৰিলে ৰামায়ণ। পাকিস্তানৰ কৰাচী চহৰত (Ramayana In Pakistan) ‘মৌজ’ নামৰ নাট্যদল এটিয়ে ৰামায়ণৰ আধাৰত এখন নাটক উপস্থাপন কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।

কৰাচী কলা পৰিষদত মঞ্চস্থ কৰা এই নাটকখনে যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

বিশেষ কথাটো হ’ল এই নাটকখনত শিল্পীসকলে নিজৰ অভিনয় আৰু অধিক উন্নত কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিও ব্যৱহাৰ কৰিছিল।

খবৰ অনুসৰি পৰিচালক যোহেশ্বৰ কাৰেৰাই “ৰামায়ণ” মঞ্চায়ন কৰি কয় যে তেওঁ কেতিয়াও নেতিবাচক প্ৰতিক্ৰিয়া বা নিৰাপত্তাৰ চিন্তাৰ আশা কৰা নাছিল।

তেওঁ আৰু কয়, নাটকখনৰ উপস্থাপনত ইতিবাচক সঁহাৰি লাভ কৰিছে, সামগ্ৰিক উপস্থাপন আৰু ব্যক্তিগত অভিনয় দুয়োটাকে প্ৰশংসা কৰে দৰ্শকে।

