Breaking

ৰামদিয়াত দেৱদামোদৰ মহাপ্ৰভুৰ আৱিৰ্ভাব মহোৎসৱ ও ৰামদিয়া দেৱ দামোদৰ সংঘৰ অধিৱেশনৰ সামৰণি

0 22

কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ ৰামদিয়া বৰালিমাৰা দামোদৰ ক্ষেত্ৰত ৰামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী দেৱদামোদৰ মহাপ্ৰভুৰ ৫৩৬ সংখ্যক আৱিৰ্ভাব মহোৎসৱ ও ৰামদিয়া দেৱ দামোদৰ সংঘৰ ৬২ সংখ্যক অধিৱেশনভাগিৰ সফল সামৰণি পৰে।

সেই অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, গছপুলি ৰোপণ, ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা, সন্ধিয়া পুনৰ বন্তি প্ৰজ্বলন, বিষয় বাচনি সভা; আৰু দ্বিতীয় দিনা পুৱা উষা কীৰ্তন, আইসকলৰ নামপ্ৰসংগ, গুৰুচৰিত পাঠ,বাপুভকতৰ নাম প্ৰসংগৰ পিছতেই আবেলি ধৰ্মালোচনী সভা অনুষ্ঠিত হয়।

সভাৰ উদ্ধোধন কৰে বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ ৰেক্টৰ বিপুল শৰ্মাই। সভাৰ সভাপতিত্ব কৰে অৱসৰী অধ্যাপক ভৱেন কলিতাই। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি সাংস্কৃতিক আলোচনী “দাপোন”ৰ মূখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই মানৱ ধৰ্মৰ শ্ৰেষ্ঠতাৰ দিশত সাৱলীল বক্তৃতা দাঙি ধৰে।

সভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক ড° নিৰঞ্জন কলিতাই ভাৰতীয় সভ্যতা সংস্কৃতিৰ ইতিবৃত্তক অৱলোকন কৰে। সভাত ন- বিজেপি নেতা প্ৰকাশ দাস, বিশিষ্ট ব্যৱসায়ী কেশৱ কলিতা প্ৰমূখ্যে শতাধিক ধৰ্মপ্ৰান ৰাইজ উপস্থিত থাকে।

Leave A Reply