Breaking

ৰামলালাই প্ৰাণ পালে, কেনে আছে সীতাৰ জন্মস্থান জনকপুৰ…

0 36

অযোধ্যাত আজি প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ। দেশৰ সকলো প্ৰান্ততে এতিয়া ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাকলৈ হৈ চৈৰ সৃষ্টি হৈছে। কিন্তু এনে সময়তে কেনে আছে সীতাৰ জন্মস্থান জনকপুৰ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা আৰু জনকপুৰক একেডাল সূতাৰে গাঠিবলৈ চেষ্টা কৰি আহিছে। সেয়ে এই দুখন চহৰক ‘চিষ্টাৰ চিটি’ বুলি কোৱা হয়। গতিকে জনকপুৰ অযোধ্যাৰ ভগ্নী। ৰামায়ণৰ মতেসীতা জনকপুৰৰ ৰজা জনকৰ কন্যা আছিল। সেয়েহে তেওঁৰ আন এটা নাম জানকী। ৰামায়ণত পোৱা যায় যে সীতা বিদেহ ৰাজ্যৰ ৰাজকুমাৰী আছিল। আজিৰবিদেহ হয়তো নেপালৰ জনকপুৰ বা বিহাৰৰ মধুবনী জিলাৰ বালিৰাজগড়ত আছে বুলি বহুতে ক’ব বিচাৰে। সীতাৰ জন্মস্থান ভাৰতত নে নেপালত তাকে লৈও বিতৰ্ক চলি আছে। বাল্মীকি ৰামায়ণত সীতাক বুজাবলৈ বৈদেহী, জানকী, সীতা আৰু মিথিলাপুৰী এই চাৰিটা শব্দ ব্যৱহাৰ কৰা হৈছে। মিথিলাপুৰী মানে মিথিলা। আনহাতে, বৈদেহী আৰু জানকী তেওঁৰ দেউতাক ৰজা জনকৰ পৰা উদ্ভৱ হোৱা নাম। যাক বিদেহ বুলিও কোৱা হয়। চিত্ৰকূটত ৰামৰ নিৰ্বাসনৰ সময়ত সীতাই নিজেই অত্ৰী ঋষিৰ পত্নী অনুচুয়াৰ আগত নিজৰ জন্মৰ কাহিনী কৈছিল। তেওঁ কৈছিল যে তেওঁক জনক ৰজাই খেতি কৰা পথাৰত পাইছিল।

বহু পণ্ডিতৰ মতে মনুৰ নাতি আৰু ইক্ষ্বাকুৰ পুত্ৰ নিমি বিদেহ ৰাজ্যৰ প্ৰথম ৰজা আছিল। বিদেহৰ এই ৰাজ্যক মিথিলা বুলিও জনা গৈছিল। ইয়াত ভাষা আছিল মৈথিলী, যিটো এতিয়াও বিহাৰ আৰু নেপালৰ কিছু অংশত কোৱা হয়। ব্ৰিটিছৰ কালছোৱাত মিথিলাৰ ভিতৰত আছিল ত্ৰিহুট, দৰভাঙ্গা, কোশী, পূৰ্ণিয়া, মুংগেৰ, ভাগলপুৰ, সন্তল পৰগণা বিভাগ আৰু নেপালৰ কেইখনমান জিলা। বহুতৰ মতে নিমিকে ধৰি মিথিলা ৰাজবংশৰ সকলো ৰজাক জনক বুলি জনা যায়। জনক শব্দটোৰ অৰ্থ হৈছে পিতৃ, আৰু সেই সময়ত ৰজাক সেই মৰ্যাদা দিয়া হৈছিল। বাল্মীকি ৰামায়ণৰ মতে যেতিয়া ভগৱান ৰাম সীতাৰ স্বয়ম্বৰ সভালৈ গৈছিল ৰজা জনকে তেওঁক কৈছিল যে সীতাক যি ঠাইৰ পৰা পোৱা গৈছিল তাৰ নাম জনকপুৰ ৰখা হৈছে। কিছুমানে কয় যে এই জনকপুৰ প্ৰকৃততে বিহাৰৰ সীতামাঢ়ী অঞ্চল, কিছুমানৰ মতে এই জনকপুৰ নেপালত আছে। অৰ্থাৎ সীতাৰ জন্ম নেপালত হৈছিল। পৌৰাণিক কাহিনীয়ে যিয়েই নকওঁক, বা সীতাৰ জন্মস্থানক লৈ হোৱা বিতৰ্কৰ মাজতে বহু আগতে ৰাম জন্মভূমি আৰু সীতাৰ জন্মস্থানক সংযোগ কৰাৰ চেষ্টা কৰা হৈছে। খ্ৰীষ্টপূৰ্ব ৯০০ ৰ পৰা ৫০০ লৈ, বিদেহ দক্ষিণ এছিয়াৰ এক মুখ্য ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ আছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন চহৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল। চৰকাৰৰ প্ৰথম লক্ষ্য আছিল ৰামৰ অযোধ্যা আৰু সীতাৰ জনকপুৰক একত্ৰিত কৰা। দ্বিতীয় প্ৰয়াসটো হ’ল ভাৰতীয় সেনা আৰু নেপালৰ গোৰ্খাসকলৰ মাজত দীঘলীয়া আৰু শক্তিশালী সম্পৰ্ক গঢ়ি তোলা । ২০১৪ চনত দুয়োখন দেশৰ মাজত এখন চুক্তি স্বাক্ষৰ কৰি অযোধ্যা আৰু জনকপুৰক ‘ভগ্নী চহৰ’ হিচাপে ঘোষণা কৰা হয়। চৰকাৰে দুয়োখন চহৰক সংযোগ কৰিবলৈ ‘ৰাম জানকী মাৰ্গ’ নিৰ্মাণৰ কথাও ঘোষণা কৰিছিল। দৰাচলতে এই দুয়োখন চহৰৰ ঘোষণা নেপাল-ভাৰত ৰাজনৈতিক-কূটনৈতিক সমস্যা সমাধানৰ বাবে ‘বন্ধুত্বৰ অভিযান’ৰ প্ৰয়াস আছিল। নেপাল চৰকাৰে সেই সময়তে কৈছিল যে অযোধ্যা আৰু জনকপুৰৰ লোকসকল ৰজা দশৰথ আৰু ৰজা জনকৰ পাৰিবাৰিক সম্পৰ্কৰ উত্তৰাধিকাৰী। ভাৰতৰ জনসাধাৰণে নেপালৰ সৈতে থকা এই অনন্য সম্পৰ্কক গুৰুত্ব দি আহিছে। যদিও অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ দেশত আলোড়নৰ সৃষ্টি হৈছে জনকপুৰ পিছে আজিও নিজম পৰি ৰৈছে৷

Leave A Reply