Randeep Hooda Meets PM: পি এম মোদীক সাক্ষাৎ মাতৃ, ভগ্নীৰ সৈতে অভিনেতা ৰনদীপ হুদাৰ

সোমবাৰে অভিনেতা ৰনদীপ হুদাই (Randeep Hooda Meets PM) সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এই সাক্ষাতৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ছবিবোৰত ৰনদীপে পি এম মোদীৰ সৈতে হাঁহি থকা দেখা গৈছে। এই সময়ত তেওঁৰ মাতৃ আশা হুদা আৰু ভগ্নী ডাঃ অঞ্জলি হুদাও উপস্থিত থাকে। হুডাই এই সাক্ষাতক প্ৰেৰণাদায়ক বুলি অভিহিত কৰে।

ছবিসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ৰনদীপ হুডাই লিখিছে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাটো মোৰ বাবে এক সন্মান আৰু সৌভাগ্যৰ কথা। দেশৰ ভৱিষ্যতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী, জ্ঞান আৰু চিন্তা সদায় প্ৰেৰণাদায়ক।

কোনবোৰ বিষয়ত কথা পাতিছিল ৰনদীপে

মাতৃ আৰু ভগ্নীৰ সৈতে উপস্থিত হোৱা অভিনেতাগৰাকীয়ে পোষ্টটোত আৰু কয় যে এই সাক্ষাতত পিএম মোদীৰ সৈতে তেওঁ সকলো আলোচনা কৰিছিল। আমি বিশ্ব মঞ্চত ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, প্ৰামাণিক গল্প কোৱাৰ শক্তি আৰু চৰকাৰৰ দূৰদৰ্শী নতুন অ’টিটি মঞ্চ – ৱেভছৰ বিষয়ে কথা পাতিলোঁ, যিয়ে বিশ্ব মঞ্চত ভাৰতীয়ৰ কণ্ঠক শক্তিশালী কৰে এইদৰে উল্লেখ কৰে অবিনেতাগৰাকীয়ে।

হুদাই প্ৰধানমন্ত্ৰী মোদীৰ মেদবহুল অভিযানৰ কথাও উল্লেখ কৰে। তেওঁ কয়, ‘মোৰ মা আশা হুদা আৰু ভগ্নী ডাঃ অঞ্জলি হুডাৰ সৈতে যোগদান কৰাটো এটা গৌৰৱময় পাৰিবাৰিক মুহূৰ্ত আছিল, য’ত আমি মেদবহুলতা অভিযান আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে তেওঁলোকৰ পদক্ষেপৰ বিষয়ে কথা পাতিছিলো।’

২৩ ফেব্ৰুৱাৰীত ‘মন কি বাত’ৰ ১১৯ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘মেদবহুলতা’ৰ বিষয়ে আলোচনা কৰিছিল, য’ত তেওঁ মেদবহুলতাৰ সমস্যাটো মোকাবিলা কৰি ‘ফিট আৰু সুস্থ জাতি’ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ‘মন কি বাত’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে খাদ্যত তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু মেদবহুলতাৰ সৈতে মোকাবিলা কৰাটো কেৱল ব্যক্তিগত পছন্দ নহয় বৰঞ্চ পৰিয়ালৰ প্ৰতি আমাৰ দায়িত্বও। ইয়াৰ দ্বাৰা মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ’ব।

Related Articles