Breaking

ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…

0 59

✍ দিব্যজ্যোতি ভূঞা

নিয়মীয়া নাট্যচৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমৰ গ্ৰামাঞ্চলৰ এটি নিষ্ঠাবান নাট্যদল “ৰংগালয়”। ৰংগালয়ে প্ৰযোজনা কৰা নাটক সমূহে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নাট মহোৎসৱত প্ৰদৰ্শিত হৈ ভূয়সী প্ৰসংশা লাভ কৰিবলৈ সক্ষম হৈছে৷নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু সংগীত নাটক অকাডেমীৰ নাট মহোৎসৱতো ৰংগালয়ৰ কে’বাখনো নাটক মঞ্চায়ন হোৱাটো অসমীয়া নাট্য জগতৰ বাবে গৌৰৱৰ কথা৷ ৰংগালয়ে আধুনিক নাটকৰ সমান্তৰালভাৱে লোকনাট্য আৰু পৰম্পৰাগত নাট্য নিৰলসভাৱে চৰ্চা কৰি আহিছে৷ ইতিমধ্যে ভালেকেইখন উন্নত মানৰ নাট্য প্রযোজনাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এই নাট্যদলটোৱে যোৱা এঘাৰ মে’ত নগাঁও ছোৱালী

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰহেমীয়ান চ’লছৰ সহযোগত মনস্থ কৰে বিশ্ববিখ্যাত নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰৰ কালজয়ী নাটক অথেল’ৰ অসমীয়া অভিযোজনা অথেল’ …….এ পলিটিকেল ট্রেপ। নাটকখনৰ অসমীয়া অনুবাদ সত্যপ্ৰসাদ বৰুৱাৰ আৰু অভিযোজনা হেমন্ত কুমাৰ বৰাৰ।অসমীয়া নাট্য সমলেৰে নাটকখনৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছে মৃণাল কুমাৰ বৰাই। নাটকখনত অভিনয় কৰা অভিনয় শিল্পীসকল হ’ল—অথেল’ অঞ্জল বৰা,

ইয়াগ’ দিপু শইকীয়া,কেচিঅ’ বিশ্বজ্যোতি বৰা, প্ৰথম বহুৱা- আদিত্য বৰা,দ্বিতীয় বহুৱা- পৰশমণি মহন্ত,
ডেছডিমনা তনমী ফুকন,এমিলিয়া প্ৰহেলিকা বৰা, বায়ংকা প্ৰহেলিকা বৰা।নাটকৰ আৱহ সংগীত ভাৰ্গৱ বৰা আৰু ৰূপসজ্জা নেত্ৰকমল বৰাৰ। সাজসজ্জা মৃদুমৌচম বৰাৰ। পোহৰ পৰিকল্পনা মৃণাল কুমাৰ বৰা আৰু সহযোগিতা প্ৰশান্ত বৰাৰ।অথেল’ নাটকত অভিনয় কৰা প্ৰতিজন অভিনেতা- অভিনেত্ৰীয়ে সুন্দৰ অভিনয়ৰে দৰ্শকক মোহাচ্ছন্ন কৰে।নাটকখনিৰ মনোগ্ৰাহী উপস্থাপনাই দৰ্শকক ধ্ৰুপদী সুৰৰ সৈতে আকৌ এবাৰ মগ্ন হোৱাৰ সুবিধা দিয়ে ।

Leave A Reply