পুতলা নাচৰ শিল্পী ৰবীন দলেক ৰঙানদী সাহিত্য পৰিষদৰ ‘ৰঙানদী শিল্পী বঁটা’ প্ৰদান

পুতলা নাচৰ শিল্পী ৰবীন দলেক ৰঙানদী সাহিত্য পৰিষদৰ ‘ৰঙানদী শিল্পী বঁটা’ প্ৰদান।স্মাৰক গ্ৰন্থ ‘অনিমা পুতলা থিয়েটাৰ আৰু ৰবীন দলে’ উন্মোচন।স্বভাৱ শিল্পী, নাট্যকাৰ, অভিনেতা, অনিমা পুতলা থিয়েটাৰৰ প্ৰতিষ্ঠাতা তথা পুতলা নাচৰ ক্ষেত্ৰত জীৱনজোৰা সম্পৰীক্ষাৰে শিল্পটোক শিখৰলৈ লৈ যোৱা আমিৰ শৈশৱ, কৈশোৰ আৰু যৌৱনক সমৃদ্ধ কৰি ৰখা ৰবীন দলেক ৰঙানদী সাহিত্য পৰিষদে ‘ৰঙানদী শিল্পী বঁটা’ প্ৰদান কৰে ৷ অনুষ্ঠানতে শিল্পী গৰাকীৰ জীৱন আৰু কৰ্মৰাজিক লৈ সঞ্জীৱ বৰা আৰু ৰিণ্টু শইকীয়াই সম্পাদনা কৰা গ্ৰন্থ ‘অনিমা পুতলা থিয়েটাৰ আৰু ৰবীন দলে’ শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয় ৷ আমতলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰমানন্দ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাত দলেদেৱৰ বৰ্ণাঢ্য জীৱন আৰু কৰ্মৰাজিক উপজীব্য হিচাপে লৈ প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহঃ সম্পাদক নিৰন কুমাৰ বৰাই ৷

অসম চৰকাৰৰ ২০২২ বৰ্ষৰ শিল্পী সন্মান প্ৰাপক ৰবীনদাৰ অভিনৱ জীৱনৰ শিল্পগাঁথা আৰু অনিমা পুতলা থিয়েটাৰৰ আঁৰৰ ৰহস্যময় কথাবোৰক লৈ এখন কিতাপ কৰাৰ দীৰ্ঘদিনীয়া সপোন এটা লেখক ৰিণ্টু শইকীয়া আৰু সঞ্জীৱ বৰাই পুহি ৰাখিছিল ৷সেই সপোন সম্পূৰ্ণ হ’ল ৷ অতি ভিতৰুৱা ঠাই আমতলাৰ পৰা পুতলা নাচৰ দৰে এটা খৰচী শিল্পক আৰ্থিক অনাটনৰ মাজতো জীৱন জুৰি ন-ন পৰীক্ষা নিৰীক্ষাৰে আগবঢ়াই নিয়া, নিজে নাটক লিখা, পুতলা বনোৱা, পুতলাৰ পাপোৰ আৰু সাজসজ্জা কৰা, পুৰুষ -নাৰী, ল’ৰা-বুঢ়া, ডেকাৰ কণ্ঠ নিজে দিয়া আদি কথাবোৰে সকলোকে আশ্চৰ্যান্বিত কৰি তুলিছিল ৷ সকলোৰে বাবে হৈ পৰিছিল তেওঁ জীৱন্ত কিংবদন্তি সদৃশ ৷

উৎসঃ সামাজিক মাধ্যম

Related Articles