আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেৰেলাৰ পৰা অসমত আহি আবদ্ধ হৈ ৰঙিয়াৰ নিকটৱৰ্তী চেপ্তিৰ খ্ৰীষ্টান মিচনাৰী গীৰ্জাত আশ্ৰয় লৈ থকা ৮ খনকৈ বাছৰ কৰ্মচাৰী আৰু চালকক কিছু অত্যৱশ্যকীয় সা-সামগ্ৰী যোগান ধৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে । বিধানসভা নিৰ্বাচনৰ সময়ত কেৰেলাৰ পৰা এই বাছ কেইখনে বহি:ৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিক সকলক কঢ়িয়াই আনিছিল যদিও,যাত্ৰীৰ অভাৱত বৰ্তমান এই বাছকেইখন উভটি যাব পৰা নাই,কাৰণ অসমৰ পৰা কেৰেলা লৈকে উভতি যাবলৈ প্ৰায় ৭৫ হাজাৰ টকাৰ ইন্ধনৰ প্ৰয়োজন বুলি জনাই আবদ্ধ হৈ পৰা বাছৰ চালক কেইজনে। আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁলোকক কিছু অত্যৱশ্যকীয় সামগ্ৰী আগবঢ়োৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে এই বিষয়তো চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰা দেখা যায় । ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৰিপʼৰ্ট

