ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি…

ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ আজি সামৰণি পৰে। ১ ফেব্ৰুৱাৰী পৰা ৬ দিনীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্ষিক সপ্তাহৰ আজিৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিত‌্যানন্দ কলিতাই। দিনৰ ১২ বজাত মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা ড° কলিতাই ছাত্ৰ ছাত্ৰীসকলৰ খেলুৱৈ দিশত প্ৰতিভা বিকাশৰ কথা উল্লেখ কৰাৰ উপৰিও শৈক্ষিক জগতত শিক্ষাৰ্থীসকলৰ গুণগত শিক্ষা আৰু বৌদ্ধিক ক্ষেত্ৰত তাৰ বিকাশৰ ধাৰা সম্পৰ্কে ভাষণ আগবঢ়ায়। ইফালে আজিৰ এই সভাত মুখ্য অতিথি হিচাপে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই উপস্থিত থাকি ৰঙিয়া মহাবিদ্যালয়ৰ নতুনকৈ নিৰ্মিত হোৱা মুখ্য দ্বাৰ খন মুকলি কৰাৰ কথা আছিল, বিধানসভাৰ অধিবেশন চলি থকাৰ বাবে উপস্থিত থাকিব নোৱাৰাত মুকলি কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই।

উল্লেখ্য যে মুকলি সভাত একেলগে বাৰ্ষিক সপ্তাহ উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন খেল ধেমালিৰ লগতে সাংস্কৃতিক আদি বিভাগৰ প্ৰতিযোগিতাৰ ফলাফলৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণী কৰা হয়। অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰা মুকলি সভাত উপাধ্যক্ষ ড° হেমেন্দ্ৰ শৰ্মাকে ধৰি মুখ্য তত্বাৱধায়ক ড° বিমল দাসৰ উপৰি মহাবিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে । শেষত মহাবিদ্যালয়ৰ পতাকা অৱনমিতৰে বাৰ্ষিক সপ্তাহৰ সামৰণি পৰে।

Related Articles