ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ধ্বংসৰ গৰাহত : উপস্থিত বিধায়ক ভবেশ কলিতাসহ মহকুমাধিপতি

আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়টো কোনো দুষ্ট চক্ৰই অবৈধ ভাৱে খনন কাৰ্য চলোৱাত উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত গোটেই গড়টো পৰিদর্শন কৰে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা।উক্ত পৰিদৰ্শন কালত ৰঙিয়াৰ মহকুমাধিপতি শ্ৰী স্বপ্নিল পাল, জিলা পৰিষদ সদস্য লিটন কলিতা,আঞ্চলিক পঞ্চায়তৰ  সভানেত্ৰী শিপ্ৰা দাস,পঞ্চায়তৰ বিষয়-ববীয়া সকলৰ লগতে কিছু স্থানীয় সমাজ সচেতন ব্যক্তি উপস্থিত থাকে। উক্ত গড়টোত যিসকল লোকে অবৈধ ভাৱে বেদখল কৰি বসবাস কৰি আছে সেই সকল লোকক চিনাক্ত কৰাৰ লগতে গড়টোৰ যিখিনি অঞ্চল অবৈধ ভাৱে খনন হৈছে সেই অঞ্চলটোত মূল্যবান গছ পুলি ৰোপণ কৰি গড়টোৰ  সৌন্দৰ্যবৰ্ধনৰ বাবে সংৰক্ষণ কৰিবলৈ প্ৰশাসনক তাৎক্ষণিক ভাৱে নিৰ্দেশ প্ৰদান কৰে বিধায়ক গৰাকীয়ে। আনহাতে মহকুমাধিপতি গৰাকীয়ে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল তথা স্থানীয় গাওবুঢ়াক অতিশিঘ্ৰেই এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি ইয়াৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি জনাই ।

Related Articles