ৰঙিয়া, ৩ জুলাইঃ Rangiya ৰঙিয়াৰ মূৰাৰা অঞ্চলত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীক হানি-খুচি হত্যা কৰি পলায়ন কৰিছে এগৰাকী স্বামীয়ে। মৃত মহিলাগৰাকীৰ নাম অঞ্জলি সিং বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে, অঞ্জলি সিঙৰ স্বামী ৰাহুল কুমাৰ সিং ৰঙিয়াৰ কেন্দুকোনা ৰেল ষ্টেচনত ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত আছিল। ঘটনা অনুসৰি, বুধবাৰৰ মাজনিশা ৰাহুল কুমাৰ সিং আৰু অঞ্জলি সিঙৰ মাজত হৈছিল কাজিয়া, যাৰ পৰিণতিত স্বামীয়ে নৃশংসভাৱে পত্নীক হত্যা কৰে।
বিশেষভাৱে উল্লেখযোগ্য যে, হত্যাকাণ্ডৰ সময়ত দম্পতীজনৰ ২ বছৰীয়া আৰু ৫ বছৰীয়া দুই পুত্ৰ উপস্থিত আছিল। মাতৃৰ হত্যাৰ দৃশ্য দেখি আতংকিত হৈ কান্দিবলৈ আৰম্ভ কৰে শিশুদ্বয়ে। শিশুৰ কান্দোন শুনি ঘৰখনৰ গৰাকী আগবাঢ়ি আহে। এই সুযোগত ৰাহুলে এটি সন্তান লৈ পলায়নৰ চেষ্টা কৰে।
তথাপিও, অট্টালিকাটোৰ সন্মুখৰ গেটত তলা লাগি থকাৰ বাবে ৰাহুলে পলাব নোৱাৰে। পাছত সন্তানটোক গেটৰ ওচৰত এৰি, গেটৰ ওপৰেৰে ৰাহুলে পলায়ন কৰে।
অঞ্জলি সিঙৰ মৃতদেহ ভাড়াঘৰৰ মজিয়াত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমানলৈ হত্যাকাণ্ডৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই। ঘটনাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে হত্যাকাৰী ৰাহুল কুমাৰ সিঙৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।