ৰঙিয়াৰ আদৰ্শ পিতাম্বৰ হাটবজালী গাঁওৰ উন্নয়নৰ ফোপোলা স্বৰূপ

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত আদৰ্শ পিতাম্বৰ হাটবজালী গাঁওৰ উন্নয়নৰ নামত ব্যপক খেলিমেলি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । গাঁওখনৰ বেছিভাগ লোকেই বঞ্চিত হৈছে চৰকাৰী বিভিন্ন আচঁনিৰ পৰা । চৰকাৰে গাঁওখন আদৰ্শ গাঁও হিচাবে ঘোষণা কৰিছিল ঠিকেই, কিন্তু উন্নয়নৰ নামত মাথো ভেকোভাঁওনাহে পৰিলক্ষিত হৈছে । স্বচ্ছ ভাৰত অভিযানৰ অধীনত হিতাধিকাৰী সকলৰ নামত অহা প্ৰায়ভাগ শৌচাগাৰ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ আশ্ৰয় লৈ ঠিকাদাৰে অৰ্ধনিৰ্মাণ অৱস্থাত এৰি থৈ যায় । আজি দুই তিনি বছৰ পূৰ্বেই স্বচ্ছ গাঁওখনত উক্ত শৌচাগাৰসমূহ নিৰ্মান কৰিছিল যদিও আজি পৰ্য্যন্ত শৌচাগাৰৰ টেংকী সমুহ বনাই নিদিলে ঠিকাদাৰে । জানিবলৈ দিয়া মতে স্থানীয় ঠিকাদাৰ দুগৰাকীয়ে শৌচাগাৰ সমুহ অৰ্ধ নিৰ্মাণ কৰিয়েই সৰকাইছে বৃহৎ পৰিমাণৰ ধনৰাশি। এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো আজিকোপটি শৌচাগাৰৰ টেংকীসমূহৰ নিৰ্মাণ সম্পূৰ্ণ নহʼল।
এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰে উন্নয়নৰ নামত ঢাক-ঢোল বজাই ৰাইজৰ মাজত প্ৰচাৰ চলাই আছে। তেনে সময়তে প্ৰাপ্য হিতাধিকাৰী সকলক এচাম ঠিকাদাৰ ৰূপী মধ্যভোগীয়ে প্ৰৱঞ্চনা কৰি থকাটো এক লক্ষণীয় বিষয় ।

Related Articles