মুকালমুৱাত নিচাজাতীয় দ্ৰব্যসহ ধৃত ৰঞ্জন আলী৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত মুকালমুৱা আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰি সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমানৰ নিচাজাতীয় টেৱলেট আৰু ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজন ঘোগা গাঁৱৰ ৰঞ্জন আলী ৷ উল্লেখ্য যে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷

Related Articles