যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শোক প্ৰকাশ ।  Ranjeet Kumar Das


১৬ মে’,২০২৫ঃ
 Ranjeet Kumar Das । যশস্বী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ বিয়োগত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে।


এক শোকবাৰ্তাত মন্ত্ৰী দাসে কয় যে “সৰা পাতে পাতে ফাগুন নামে …” আদিৰ দৰে সুমধুৰ গীতেৰে অসমৰ সংগীত জগতলৈ বৰঙণি যোগাই যোৱা গায়ত্ৰী হাজৰিকাৰ বিয়োগ ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা গীতসমূহ শ্ৰোতাৰ মাজত সদায় সজীব হৈ থাকিব বুলিও তেওঁ কয়।
মন্ত্ৰী দাসে প্ৰয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, গুণমুগ্ধ তথা শুভাকাংক্ষীসকলক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

Related Articles