পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈলৈ ৰঞ্জিত ডেকাৰ সাহাৰ্য

পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈ সকলৰ দুৰ্দশাৰ প্ৰতিচ্ছবি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ পিছত আজি বিয়লি ৩ বজাত কঞাকুছি গাওঁত ক’চিং চেণ্টাৰটোৰ ৩০ জন দুখীয়া খেলুৱৈৰ মাজত কিছু খাদ্য-সামগ্ৰী বিতৰন কৰে ৰঙিয়াৰ বিশিষ্ট ব্যাৱসায়ী, ৰঙিয়া ক্ৰীড়া সন্থাৰ নৱনিৰ্বাচিত ভলীবল বিভাগৰ সম্পাদক, অসম ভলীবল সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য, অসম ভলীবল মিছন-১০০ ৰ উদ্যোক্তা ৰঞ্জিত ডেকাই। খাদ্য সামগ্ৰীৰ ভিতৰত চাউল, ডাইল, মিঠাতেল, পিয়াজ, চয়াবিন, চাবোন, বিস্কুট ইত্যাদি অত্যাৱশ্যকীয় বস্তু থাকে। খেলুৱৈ সকলৰ এই দুৰ্দিনৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা বাবে ক’চিং চেণ্টাৰৰ সভাপতি ,সম্পাদক ক্ৰমে দীপক কুমাৰ দাস আৰু হিতেশ দাসে ৰঞ্জিত ডেকাক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে বিগত ল’ক ডাউনৰ সময়তো উক্ত অনুষ্ঠানটোৰ অনুৰোধ মৰ্মে বিভিন্নজন হৃদয়বান ব্যাক্তিয়ে খেলুৱৈ সকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল।

Related Articles