Ranveer Allahbadia: মোৰ আৰু মোৰ পৰিয়াললৈ ভাবুকি আহিছে, মই বহুত ভয় খাইছো: ৰণবীৰ এলাহাবাদিয়াৰ

ছ’চিয়েল মিডিয়াত ৰণবীৰ এলাহাবাদিয়াৰ মন্তব্য চৰ্চাত।(Ranveer Allahbadia) শেহতীয়াকৈ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শ্ব’টোত কৰা এটা মন্তব্যক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল ইউটিউবাৰগৰাকী। তেওঁৰ বিৰুদ্ধেও একাধিক অভিযোগ উত্থাপন কৰিছে। অৱশ্যে ৰাজহুৱাভাৱে ক্ষমা খোজে ৰণবীৰে। তাৰ মাজতে ইউটিউবাৰগৰাকীলৈ ভাবুকি আহিছে বুলি এক বিবৃতি প্ৰকাশ কৰিছে।


ৰণবীৰে এক বিবৃতিত কয় যে তেওঁ আৰক্ষীক সকলো দিশতে সহযোগিতা আগবঢ়াইছে। ৰণবীৰে কয়, “মোৰ দল আৰু মই আৰক্ষীৰ সৈতে সহযোগিতা কৰি আহিছো।” মই সকলো নিয়ম-নীতি পালন কৰিম। পিতৃ-মাতৃ বিষয়ে কৰা মোৰ মন্তব্যবোৰ আছিল অতি সংবেদনহীন আৰু অসন্মানজনক। এজন ভাল মানুহ হোৱাটো মোৰ নৈতিক দায়িত্ব। মই সঁচাকৈয়ে ক্ষমা বিচাৰিছো।”

ইয়াৰ পিছত ৰণবীৰে কয় যে কেনেকৈ ইটোৰ পিছত সিটো ভাবুকি আহিছে তেওঁলৈ। ইউটিউবাৰজনে লিখিছে, “মই বাৰে বাৰে মৃত্যুৰ ভাবুকি পাইছো।” কোনোবাই মোক মাৰি পেলাব বুলি কৈছে। কোনোবাই কৈছে মোৰ পৰিয়ালৰ ক্ষতি কৰিব। ৰোগীৰ বেশ লৈ মাৰ মেডিকেল চেণ্টাৰত প্ৰৱেশ কৰিছে একাংশ। সঁচাকৈয়ে এইবাৰ মোৰ ভয় লাগিছে। কি কৰিম বুজি পোৱা নাই।”


ভাবুকি পোৱাৰ পিছতো তেওঁ আৰক্ষী আৰু প্ৰশাসনক বিশ্বাস ৰাখিছে। ৰণবীৰে কয়, “মই পলাই যোৱা নাই। “পুলিচ আৰু আইনৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।”

Related Articles