সমগ্ৰ ৰাজ্য কঁপাই যোৱা চুমিলা ৰংহাপী আৰু দীপশিখা হত্যাকাণ্ড ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৰহাট জিলা টীয়কৰ চেলেংহাটৰ হেমলাই চাহ বাগিচাত পুনৰ এগৰাকী কিশোৰীক বলাৎকাৰৰ ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগী কিশোৰীৰ মাতৃৰ ভাষ্য অনুসৰি, যোৱা মাহৰ ১৮ এপ্ৰিলত সমীপৰে বান্ধৱীৰ ঘৰত সন্ধিয়া জন্মদিন খাবলৈ গৈছিল কিশোৰীগৰাকী।বান্ধৱীৰ ঘৰৰ পৰা ওভতাৰ পথত একে অঞ্চলৰে এজন যুৱকে বন্ধুৰ সহযোগত পথৰ কাষৰ এটি পৰিত্যক্ত ঘৰলৈ চোঁচৰাই নি সংঘটিত কৰে অনৈতিক কাণ্ড।কিন্তু পৰিয়ালৰ লোকলৈ ভয় কৰি ঘটনাটো কিশোৰীগৰাকীয়ে গোপনে ৰাখিছিল যদিও মাতৃয়ে বাগিচাৰ আন লোকৰ মুখত শুনিবলৈ পাই কিশোৰীগৰাকীক সোধাত বিৱৰি কয় ঘটনাটো।আনকি এনে কু-কৰ্ম ম’বাইলত ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াযোগে ভাইৰেল কৰাৰো অভিযোগ তুলিছে। ইতিমধ্যে ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে টীয়ক আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত কু-কাণ্ড সংঘটিত কৰা দুই যুৱকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত টীয়ক আৰক্ষী থানাৰ অধীনৰ চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অৱগত কৰা অনুসৰি, কিশোৰীগৰাকীৰ মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত ৩১৩/১৪ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত চলাইছে আৰু ঘটনা সংঘটিত কৰা দুয়োজন যুৱকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।ইপিনে অভিযুক্ত যুৱকৰ মাতৃয়ে কিশোৰীগৰাকীৰ পৰিয়ালে ভুৱা গোচৰ জাপি দিয়া বুলি অভিযোগ তুলিছে।এই সন্দৰ্ভত তেওঁ কিশোৰীগৰাকীলৈ দোষ ঠেলি মিছাতেই তেওঁৰ পুত্ৰক দোষী সজোৱা বুলি মন্তব্য কৰে।

