Breaking

গোসাইগাঁৱৰ ৰায়মোনাত নাবিলাকক ধৰ্ষণ

0 2,056

 গোসাইগাঁও মহকুমাৰ ভাৰত- ভূটান সীমান্ত এলেকাৰ ৰায়মোনা অঞ্চলৰ দুই গৰাকী নাবালিকা দুই পাষণ্ডৰ হাতত ধৰ্ষিতা হবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সীমান্ত এলেকাত ৷প্ৰাপ্ত বাতৰি মতে যোৱা ৭ নৱেম্বৰত ৰায়মোনা অঞ্চলৰ দুই গৰাকী নাবালিকা ছোৱালী কুমগুৰীত ফুৰিবলৈ যায় ৷ আকৌ কুমগুৰীৰ পৰা নিজ গৃহলৈ উভতি অহাৰ পথত ই – ৰিক্সা চালক ৰোমিঅ কেৰকেটা আৰু অৰ্জুন নাৰ্জাৰীয়ে নাবালিকা ছোৱালী দুজনীক ঘৰত ৰাখি আহিব বুলি ই- ৰিক্সাত উঠাই লয় আৰু কিবা খোৱা বস্তু খাবলৈ দিয়ে ৷খোৱা বস্তুখিনি খাই ছোৱালী দুজনী অজ্ঞান হৈ পৰে পিছত নাবালিকা দুই গৰাকীক ৰায়মোনা অঞ্চলৰ ঘন অৰণ্যৰ ডায়নায়ামাৰী সমীপত লৈ গৈয় দুই পাষণ্ডই ধৰ্ষণ কৰি লেবেজান কৰি পেলায় ৷তাৰ পিছত দুই পাষণ্ডই নাবালিকা ছোৱালী দুজনীক পুনৰায় ই- ৰিক্সাত উঠাই বাণ্টিঝোৰা গাঁৱত লৈ আনে ৰাতি আঠমান বজাত ৷গাঁৱৰ লোকসকলেনাবালিকা ছোৱালীদুজনীৰ এনে দৃশ্য প্ৰত্যক্ষ কৰি গাঁৱৰ লোকসকলে তৎক্ষণাত শৰাইবিল আৰক্ষী চকীত খবৰ দিয়ে ৷আৰক্ষীয়েও খবৰ পাইয়ে তৎক্ষণাত বাণ্টিঝোৰা গাঁৱত উপস্থিত হৈছোৱালী দুজনীক উদ্ধাৰ কৰি শৰাইবিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা কৰে আৰু এই জঘন্য কাণ্ড সংঘটিত কৰা ৰায়মোনাৰ ৰমিঅ কেৰকেটা (২৪) আৰু অৰ্জুুু নাৰ্জাৰী (৩৫ )ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ইপিনে  নাবালিকা ধৰ্ষণ কাণ্ডক সদৌ কুডুষ (উৰাঁও) ছাত্ৰ সন্হা আৰু সদৌ অসম কুডুষ (উৰাঁও ) সাহিত্য সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷দোষীক দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

Leave A Reply