জুৰীয়াত শৰালি হাহঁ আৰু কাম চৰাই উদ্ধাৰ।

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ লাওখোৱা অভয়াৰণ্যৰ সুতিৰপাৰ বন বিভাগৰ এটা দলে নিশা গদাইমাৰি গাঁৱত অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় কুৰিটা বিৰল প্ৰজাতিৰ শৰালী হাঁহ আৰু কাম চৰাই।
ৰাজ্যত আৰক্ষীৰ সমান্তৰালভাৱে এইবাৰ ক্ৰমাৎ সক্ৰিয় বনবিভাগো । লাওঁখোৱা অভয়াৰণ্যৰ সুঁতিৰপাৰ খণ্ড বনবিষয়া কাৰ্য্যালয়ৰ এটা সজাতি দলে মংগলবাৰে নিশা লাওঁখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া জুৰীয়াৰ গদাইমাৰিৰ শিঙিয়া পথাৰত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চোৰাং চিকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে কেইবাটাও শাৰলি হাঁহ আৰু কাম চৰাই লগতে জব্দ কৰে অত্যাধুনিক টেপ ৰেকৰ্ডাৰ আৰু অডিঅ’ প্লেয়াৰ । বন বিভাগে কোনো চিৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই । লগতে বনবিভাগে এনেধৰণৰ চোৰাং চিকাৰীসকলক অবাধ ভাৱে পক্ষী নিধন কৰা কাৰ্য ,বিভিন্ন বন্যপ্ৰাণী নিধন কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংবাদ মাধ্যমৰ যোগে সকিয়নী প্ৰদান কৰে ।

Related Articles