ৰাজ্যত অবাধ গতিত চলিছে বনজ সম্পদ ধ্বংসৰ বেহা। ইয়াৰ জলন্ত উদাহৰণ স্বৰূপে কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলত প্ৰতিদিনেই বন বিভাগৰ লোকে জব্দ কৰে চোৰাংকৈ সৰবৰাহ কৰা মূল্যবান গছৰ টুকুৰা ; বালি কঢ়িওৱা গাড়ী অথৱা গছ কটা মেচিন। উল্লেখ্য যে ; পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ এলেকা বকোৰ ছমৰীয়াত অবৈধ বালি খননৰ ভায়াৱহ ছৱি সকলোৰে জ্ঞাত। ইয়াৰ ফলত ছমৰীয়াৰ শালমাৰা মৰাকলহী নদীত আজি একেলগে দুটা দুস্প্ৰাপ্য মৃত শিহু (RIVER DOLPHIN) উদ্ধাৰ হয়। জানিব পৰা মতে পুৱাতে নদীৰ বুকুত উপঙি থকা শিহু দুটা প্ৰত্যক্ষ কৰে স্থানিয় ৰাইজে। ততালিকে স্থানীয় ৰাইজে নদীৰ পৰা মৃত শিহু দুটি উদ্ধাৰ কৰি আনে ৷ ৰাইজৰ অভিযোগ যে বকো ছমৰীয়াৰ পৰা শালমাৰ ঘাটলৈ নদীৰ বুকুৰ পৰা দিনে নিশাই চলাই আছে অবৈধ বালি খনন। বালি খনন কৰি তুলা মেচিনৰ কোৱত ৰিভাৰ ডলফিন দুটা মৃত্যু হোৱা বুলি দাৱী কৰে অঞ্চলটোৰ ৰাইজে। ইফালে স্থানীয় ৰাইজৰ মতে বন বিভাগক মেনেজ কৰি চলাই আহিছে এই বালিৰ ব্যৱসায়। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’ৰাকলহী নদীক শিহুৰ বিচৰন ভুমি হিচাপে চিহ্নিত কৰি বালি খনন বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল। তৎস্বতেও বন বিভাগৰ দায়িত্ববাহী বিষয়া সকলে চোৰাং বালি ব্যৱসায়ীৰ লগত জড়িত হৈ লোক চক্ষুৰ সম্মুখেৰে বালি সৰবৰাহ কৰি আহিছে। আজি শালমাৰা ঘাটত দূষ্পাপ্য শিহু দুটা মৃত অৱস্থাত উদ্ধাৰ হোৱা খৱৰ নগৰবেৰাস্থিত বন বিভাগৰ বিষয়া কৰ্মচাৰীক অৱগত কৰাৰ পিছতো সাংবাদিক উপস্থিত হোৱা সময়লৈ আহি নপোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

