বৰছলাত দুষ্প্ৰাপ্য গুঁই সাপ উদ্ধাৰ

শোণিতপুৰ জিলাৰ বৰছলাত এটি দুষ্প্ৰাপ্য গুঁই সাপ উদ্ধাৰ হয়। জানিব পৰা মতে অঞ্চলটোৰ বৰভগীয়া গাঁৱৰ হৰেকৃষ্ণ দাসৰ নতুনকৈ নিৰ্মীয়মান শৌচালয়ৰ গাতত গুঁই সাপ এটি আবদ্ধ হৈ থকাত গৃহস্থই প্ৰত্যক্ষ কৰি স্থানীয় যুৱক নিতু ডেকাক খবৰ দিয়ে। ডেকাই ঢেকীয়াজুলি আঞ্চলিক বন বিভাগৰ বন কৰ্মীৰ সহযোগত গুঁই সাপটি উদ্ধাৰ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৈৰাশালী বন শিবিৰত মুকলি কৰি দিয়ে।

Related Articles