পক্ষীকুলৰ পৰা বিলুপ্ত প্ৰায় এটা বিৰল প্ৰজাতিৰ কুৰুৱা পক্ষী চৰাইদেউৰ সাপেখাতীত উদ্ধাৰ হয় । জানিব পৰা অনুসৰি সাপেখাতীৰ উজনিকুৰী গাঁওৰ এজন কিশোৰ ৰাতুল শইকীয়াই ঘাঁহ কাটি থকা অৱস্থাত আঘাত প্ৰাপ্ত পক্ষীটো পত্যক্ষ কৰে । অনুমান কৰা মতে বিদ্যুতৰ তাৰত লাগি আঘাট প্ৰাপ্ত হৈ পক্ষীটো পৰি যায় । পক্ষীটোক উদ্ধাৰ কৰি সাপেখাতী বন বিষযাৰ লগত যোগাযোগ কৰি পক্ষীটোক চমজাই দিয়ে।আঘাত প্ৰাপ্ত পক্ষীটোক বন বিষয়াই স্বাস্থ্য পৰীক্ষা কৰি পুনৰ সাপেখাতী খণ্ড বনাঞ্চলত এৰি দিয়াৰ কথা জানিবলৈ দিয়ে।

