Breaking

দিল্লীৰ আকাশত বিৰল দৃশ্য: দৃশ্যমান হোৱা শনি গ্ৰহৰ ভিডিঅ’ই কৌতূহলী কৰি তুলিলে বহুতকে…

0 120

শেহতীয়াকৈ পৃথিৱীৰ কাষ চাপিছে সৌৰজগতৰ ধুনীয়া গ্ৰহ শনি। সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হিচাবে জনাজাত শনি গ্ৰহ এইবাৰ দেখা গ’ল দিল্লীৰ আকাশত। শেহতীয়াকৈ ইণ্টাৰনেটত দিল্লীৰ আকাশত দেখা শনি গ্ৰহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত শনি গ্ৰহ দিল্লীৰ পৰা স্পষ্টভাৱে দৃশ্যমান হৈছে। ভিডিঅ’টোৱে এতিয়া বহুতকে আচৰিত কৰি তুলিছে । চমু ক্লিপটোত শনি গ্ৰহই চলাচল কৰাও ধৰা পৰিছে।

গ্ৰহটোৰ ৰিংবোৰো সুন্দৰভাবে দেখা গৈছে। ভিডিঅ’টো আপলোড কৰাজনে দাবী কৰিছে যে ভিডিঅ’টো পুৱতি নিশা প্ৰায় ১:৩০ বজাত জিএছঅ’ ১২ ইঞ্চিৰ ডবছনিয়ানত লগোৱা এটা আইফোন ১৪ প্ৰ’ৰ জৰিয়তে লোৱা হৈছিল। ভিডিঅ’টো তৎক্ষণাৎ ভাইৰেল হৈ পৰিছে । উল্লেখ্য শনি গ্ৰহটো বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰিছে। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা গ্ৰহটো দেখিবলৈ পোৱা গৈছে। শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ।


Leave A Reply