ৰাজ্যৰ সৌন্দৰ্য্য বৰ্ধন তথা আপুৰুগীয়া সম্পদৰ ভিতৰত একাধিক চৰাইৰ নাম প্ৰকাশ কৰিব পাৰি। তেনে এবিধ চৰাইৰ নাম হৈছে কোড়া চৰাই। এই কোড়া চৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে কামৰূপ জিলাৰ বকোৰ বৰুৱা বালিঝাৰ এলেকাতো পোৱা যায়। কিন্তু এই সুন্দৰ তথা প্ৰকৃতিৰ সৌন্দৰ্য্য বৰ্ধন কৰা চৰাই বিধৰ ওপৰত কোপোত দৃষ্টি পৰে একাংশ চোৰাং চিকাৰীৰ। উল্লেখ্য যে ; প্ৰতিদিনে চোৰাং চিকাৰীয়ে এনে চৰাই নিধন কৰি অহা লক্ষ্য কৰি আহিছে অঞ্চলটোৰ একাংশ প্ৰকৃতিপ্ৰেমী তথা সমাজ সচেতন ৰাইজে।যোৱা কালি আবেলি তেনে এগৰাকী চোৰাং চিকাৰীৰ পৰা দুটা কোড়া চৰাই উদ্ধাৰ কৰে বালিঝাৰ বজাৰত আশ্ৰুফ আলী ; ইমাৰ আলী ; মফিদুল হক ; ৰহিজ আলী ; আজিজুৰ হক আৰু আব্দুল আজিজ নামৰ একাংশ প্ৰকৃতিপ্ৰেমীয়ে। ইফালে জানিব পৰা মতে ; চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা কোড়া চৰাই দুটা মুকুলি আকাশত এৰি দিয়ে উদ্ধাৰকাৰী সকলে। এই কাৰ্য্যই অঞ্চলবাসী ৰাইজৰ মাজত স্বস্তিৰ নিশ্বাস পেলাইছে।

