Breaking

নগৰবেৰাত সাতদিনীয়াকৈ ৰাস মহোৎসৱ আৰম্ভ

0 2,021

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাত আন আন বছৰৰ দৰে এইবাৰো পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ। চৰকাৰী নিৰ্দেশনা মানি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ কাৰ্য্যসূচী অনুসৰি  ৰাতিপুৱা ১০ বজাৰ পৰা ৰাস মহোৎসৱৰ ক্ৰমে দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ চন্দ্ৰ পাঠকে, ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই,  বৃক্ষৰোপন কৰে ক্ৰমে দ্বীনবন্ধু ঠাকুৰীয়া, মহিমা পাঠক আৰু ৰত্নেশ্বৰ কলিতাই, স্মৃতি তৰ্পণ কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিয়ে,ইয়াৰ পিছত শ্বহীদ বেদীত মাল্যাৰ্পন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অহা ২৩ নবেম্বৰলৈ চলিবলগীয়া নগৰবেৰা আঞ্চলিক ৰাস উৎসৱৰ  প্ৰতিটো দিনতে পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, ওজাপালি, ভকত ভোজন, পৰগনীয়া নাম, আমন্ত্ৰিত নাম দলৰ নাম পৰিবেশন, প্ৰসাদ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত হব। উল্লেখ্য যে ১৮ নৱেম্বৰত সন্ধিয়া ৫ বজাত ৮৯ গছি বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰিব বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই। উদযাপন সমিতিয়ে ৰাস মহোৎসৱৰ সমূহ কাৰ্য্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Leave A Reply