Rashmika on Deepika’s debate rection: দীপিকা পাডুকনৰ ৮ঘণ্টীয়া কামৰ দাবীক প্ৰতিক্ৰিয়া ৰশ্মিকা মাণ্ডন্নাৰ?

বলীউডৰ অভিনেত্ৰী দীপিকা (Rashmika on Deepika’s debate rection) পাডুকনক কৰ্মৰ সময়ৰ বাবে সমালোচনাৰ সন্মুখীন, তাৰ মাজতে দক্ষিণৰ তাৰকা ৰশ্মিকা মাণ্ডন্নাৰ বিস্ফোৰক মন্তব্য।

কিছুদিন পূৰ্বে দীপিকাক ৮ ঘণ্টীয়া কামৰ দাবীত সমালোচনা কৰা হৈছিল যদিও বলীউডৰ বহু সহকৰ্মীয়ে তেওঁক সমৰ্থন কৰিছিল। অৱশ্যে ৰশ্মিকাই যেন এই বিতৰ্কত জুই জ্বলাইছে।

সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ‘স্পিৰিট’ ছবিখনত দীপিকাই কাম কৰাৰ কথা আছিল। অৱশ্যে শুনা গৈছে যে দিপীকাই ৮ ঘণ্টাৰো অধিক সময় শ্বুটিং কৰিব নোৱাৰিম বুলি কৈছিল। এই অৱস্থাৰ বাবেই তেওঁক ছবিৰ পৰা বাদ দিবলগীয়া হৈছিল আৰু তেওঁৰ ঠাইত অভিনেত্ৰী তৃপ্তী ডিমৰীক নিযুক্তি দিয়া হৈছিল। এই ঘটনাই বলীউডত কৰ্মৰ সময়ক লৈ এক নতুন বিতৰ্কৰ সূচনা কৰিছে।

ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মণ্ডন্নাই এই বিষয়ত নিজৰ মতামত ব্যক্ত কৰে। অভিনেত্ৰীগৰাকীয়ে ক’লে, ‘চৰ্চাত আছে এই বিষয়টো, কিন্তু কামৰ সময় কাম আৰু দলৰ ওপৰত নিৰ্ভৰ কৰিব। ছবিখনত স্বাক্ষৰ কৰাৰ আগতে এইবোৰ স্পষ্ট হ’ব লাগে।’

ৰশ্মিকাই লগতে কয় যে তেওঁ বহু উদ্যোগত কাম কৰিছে – তেলেগু, কানাড়া, তামিল। তাত তেওঁ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অৰ্থাৎ আঠ ঘণ্টা কাম কৰিছিল। কিন্তু বলীউডত তেওঁ পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ কাম কৰিব লগা হৈছিল। কেতিয়াবা, পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ পিছদিনালৈকে শ্বুটিং চলি থাকে। ৰশ্মিকাৰ মতে ‘১২ ঘণ্টা নহয়, একেৰাহে ৩৬ ঘণ্টা কাম কৰা যেন লাগে।’ অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আটাইতকৈ কঠিন কামটো আছিল ঘৰলৈ নোযোৱাকৈ একেৰাহে ২-৩ দিন কাম কৰা, যিটো একেবাৰেই সাধাৰণ কথা নহয়।

দীপিকাৰ ৮ ঘণ্টীয়া কামৰ দাবীক লৈ যেতিয়া চৰ্চা আৰু সমালোচনা তুংগত আছিল, তেতিয়া ৰশ্মিকাৰ এই মন্তব্যই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। পুৰুষ সহকৰ্মীসকলে দীপিকাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিলেও ৰশ্মিকাই যেন স্পষ্টকৈ ক’লে যে এটা নিৰ্দিষ্ট কৰ্মসূচীৰ প্ৰয়োজন নাই, বৰঞ্চ কামৰ ধৰণ আৰু দাবীৰ ওপৰত নিৰ্ভৰ কৰে।

Related Articles