Breaking

নৱম স্থান দখলেৰে গোলাঘাটলৈ গৌৰৱ কঢ়িয়ালে ৰাস্না গগৈয়ে

0 1,590

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক কলা শাখাৰ চৃড়ান্ত পৰীক্ষাত গোলাঘাটৰ ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী ৰাস্না গগৈয়ে নৱম স্থান দখল কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গোলাঘাট চহৰৰ বিপিন ফুকন নগৰ নিৱাসী ৰাজুমনি গগৈ আৰু পৰী শইকীয়াৰ কন্যা ৰাস্না গগৈয়ে কলা শাখাত মুঠ ৪৭৪ নম্বৰ লাভ কৰি শীৰ্ষ দহটা স্থানৰ ভিতৰত নৱম স্থান লাভ কৰিবলৈ সক্ষম হয়।

ছাত্ৰী গৰাকীৰ এই সাফল্যত শিক্ষানুষ্ঠান খনৰ লগতে গোলাঘাটত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

Leave A Reply