Breaking

ৰৌতাত কোচ-ৰাজবংশী লোকনৃত্য কৰ্মশালা সম্পন্ন

0 502

স্বাধীনতাৰ পৰশত সঙ্গীত চৰ্চ্চা সঞ্জীৱনীৰ  সঞ্চাৰ হৈছিল । সেই দিনৰ পৰা আজিলৈ অনুৰাগ থকা  ডেকা গাভৰু চামৰ উপৰিও ল’ৰা ছোৱালী বিলাকৰ মনো বৈজ্ঞানিক পদ্ধতি যোগে সংগীত  বিদ্যা আহৰণ কৰিবৰ কাৰণে  আগ্ৰহি হোৱা দেখা যায় । উপভোগ  কৰি ক্ষন্তেকৰ কাৰণে হ’লেও পাহৰি যায় জীৱন নিৰ্বাহৰ  বেথা ।  ই  দেশ তথা ৰাজ্যখনৰ বাবে বৰ শুভ লক্ষণ ।

সেয়ে  বিটিআৰৰ ওদালগুৰি জিলাৰ  ৰৌতা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী ৰৌতা বাগান শ্ৰী শ্ৰী লক্ষ্মী মণ্ডপৰ খেল পথাৰত ৭ দিনীয়াকৈ  অনুষ্ঠিত হোৱা কোচ ৰাজবংশীসকলৰ লোকনৃত্য কৰ্মশালা প্ৰদৰ্শন ২৭  নৱেম্বৰৰ নিশা ১০ বজাত সামৰণি পৰে । ৰৌতা অঞ্চলটোৰ ৰৌতাবাগান , ৰৌতাষ্টেচন , ৮ নম্বৰ ধনশ্ৰী, বজ্ৰঝাৰ , বালিসিহা , বালিসিহা হাবি, ঝাৰগাও,সিধাখোৱা ,মৰাধনশ্ৰী আৰু মাধৱগোহাই আদিকেধৰি কেইবাখনো গাঁৱৰ  প্ৰায় পাঁচশ  কিশোৰী আৰু যুৱতীক কলা সংস্কৃতিৰ প্ৰশিক্ষণ দিয়া হয় ।

কোচ ৰাজবংশী সকলৰ সংস্কৃতিৰ ভিতৰত বিশেষ ভাৱে গুৰুত্ব দি  কিশোৰী আৰু যুৱতীসকলক  ঢোল, দোতৰা ,ঝুমকা ,চাৰিন্দা আৰু বাঁহী আদি বাদ্য বজায়  গীত পৰিৱেশনেৰে  নৃত্যৰ  মাজেৰে সুন্দৰ পৰিৱেশৰ মাজত  প্ৰশিক্ষণ আগবঢ়ায় । প্ৰতিদিনে   দিনৰ ১ বজাৰ পৰা নিশা  ৯  বজালৈকে অনুষ্ঠিত হোৱা এই  লোকনৃত্যৰ প্ৰশিক্ষণ আগবঢ়ায় কোকৰাঝাৰৰ দিলীপ ৰায়, কোচবিহাৰৰ দয়াময় বৰ্মন আৰু ধুবুৰীৰ নিতেশ চন্দ্ৰ ৰায়ে । আঞ্চলিক ভিত্তিত  চলা গোৱালিনি ,কুষান , কাৰ্তিকা আৰু হুদুম নামৰ নৃত্য -গীত প্ৰশিক্ষণৰ অন্তত  কালি ২৭ নৱেম্বৰৰ দিনা পুৱা  আঠ বজাত পতাকা উত্তোলন কৰে ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বিজয় ৰুদ্ৰই । ইয়াৰ পিছত আবেলি অনুষ্ঠিত হয় মুকলি  সভা ।

এই মুকলি সভাত  সভাপতিত্ব কৰে  ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী শ্ৰীবাস সিংহই । সভাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰ্মন , মুছা ‘ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জব্বৰ আলী , ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অখিল ৰাজবংশী ,  ওদালগুৰি জিলা অবিচি মৰ্চাৰ সভাপতি গোপী বাহাদুৰ চেত্ৰী , ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি সুৱল বৰ্মন আৰু ওদালগুৰি আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ ভক্ত সিংহ প্ৰমুখ্যে আক্ৰাছু পাঁচখন আঞ্চলিকৰ লগতে দহখন শাখা সমিতিৰ সভাপতি আৰু  সম্পাদকসকলে উপস্থিত থাকি কোচ ৰাজবংশীসকলৰ লোকনৃত্যৰ কৰ্মশালাখনৰ ওপৰত বক্তৃতা প্ৰদান কৰি শিক্ষাৰ্থীসকলক সংগীতৰসিক কামত দিহা পৰামৰ্শ  আগবঢ়ায়  । তদুপৰি সভাত কেইবাগৰাকী বিশিষ্ট অতিথি আৰু প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থী ,নেতা, বিশিষ্ট নাগৰিক , সাংবাদিক আদিক সম্বৰ্ধনা জ্ঞাপন কৰে ।

Leave A Reply