Breaking

ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত দিৱস

0 83

বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ গণিত আৰু বিজ্ঞান ক্লাৱৰ উদ্যোগত ২২ ডিচেম্বৰৰ  দিনা দশম  ৰাষ্ট্ৰীয় ‘ গণিত দিৱস ‘পালন কৰা হয় । বিদ্যালয়খনৰ প্ৰাংগণত  দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বিদ্যালয়ৰখনৰ  চৌহদ চাফাই , বন্তি প্ৰজ্বলনৰ পাছত বিদ্যালয়খনৰ  অধ্যক্ষা অৰুনমণি দেৱীৰ সভাপতিত্বত  এখন শিক্ষামূলক সভা অনুস্থিত হৈ যায় ।

বিদ্যালয়খনৰ  উপাধ্যক্ষ লক্ষ্মী ছেৰাই , বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক হাফিজুৰ ৰহমান , সোণমণি দাস, বিপুল ভৰালীয়ে সভাখনত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলে গণিত আৰু বিজ্ঞানৰ বিষয়টো কেনেদৰে সহজ কৰি ল’ব পাৰিব, তাৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে এগৰাকী ছাত্ৰ অথবা ছাত্ৰীয়ে দিনত কেইঘন্টা পঢ়িব লাগে আৰু কেনেকুৱা সময়ত অংক কৰিলে পাহৰি নাযায় ইত্যাদি সাৰুৱা ভাষাৰে বক্তব্য আগবঢ়ায়। ঐতিহ্যমণ্ডিত বিদ্যালয়খনত এক সুন্দৰ পৰিৱেশৰ  মাজত  প্ৰশিক্ষণ  শিবিৰৰদৰে অনুষ্ঠিত হোৱা সভাখনত বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰীসকল ক্ৰমে  বিকাশ আলী , বিদ্যুৎপ্ৰাণ চহৰীয়া , মৰমী দাস ,হৰেশ্বৰ শইকীয়া , পাঞ্জল দাসৰ লগতে কৰ্মচাৰী আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে তদানীন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে বিখ্যাত গণিতজ্ঞ পণ্ডিত ৰামানুজনৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰিবলৈ  ঘোষণা  কৰিছিল । সেয়েহে  তেওঁৰ এই জন্ম  দিনটোক ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত ‘গণিত দিৱস’ হিচাপে পালন কৰা হয় । 

Leave A Reply