ৰৌতাৰ সিধাখোৱাত বিশ্ব ব্ৰেইল দিৱস উদযাপন

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ উদ্যোগত ৪ জানুৱাৰী তাৰিখে ৮১৪ নং সিধাখোৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বিশ্ব ব্ৰেইল  দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা ৯ বজাত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী স্মৃতি চৰকাৰে পতাকা উত্তোলন কৰি শুভ আৰম্ভ কৰে। সভাৰ আঁত ধৰে মাজবাট শিক্ষা খণ্ডৰ অতিৰিক্ত সহায়ক ,সমল ব্যক্তি দিনেশ্বৰ ডেকাই।

দিনেশ্বৰ ডেকাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ব্ৰেইল  দিৱসৰ ওপৰত  আলোকপাত কৰে । তাৰোপৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালিৰো আয়োজন কৰা হয়। খেল সমূহ সুচাৰুভাৱে পৰিচালনা কৰে ক্ৰমে ক্ষিতিকান্ত শইকীয়া , শিক্ষক ভাস্কৰ জ্যোতি চহৰীয়া ,ম. ছাহজামান , শিক্ষক মগেন্দ্ৰ নাৰ্জাৰী ,পুষ্পলতা বসুমতাৰীয়ে। দিনৰ ১১ বজাত গীত মাতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । চিধাখোৱা গাঁওৰ বিশিষ্ট সমাজ সেৱক চানভাই মোচাহাৰীয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য বাখ্যা কৰে সমল ব্যক্তি ধীৰদা ডেকাই ।

Related Articles