Breaking

দিন বেয়া চলিছে ৰবীন্দ্ৰ জাদেজাৰ! কিন্তু কিয়?

0 2,066

চেন্নাই চুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক ৰবীন্দ্ৰ জাদেজাক IPL 2022 প্ৰতিযোগিতাখনৰ বাকী খেলসমূহৰ পৰা বাদ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে আঘাতৰ বাবে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত বাদ পৰিছিল জাদেজা। CSKৰ হাতত আৰু তিনিখন মেচ বাকী আছে আৰু প্লে অফৰ স্থানত শ্বট এটা ৰখাৰ বাবে তেওঁলোকে তিনিওখন জিকিব লাগিব আৰু RCB আৰু RRএ তেওঁলোকৰ বাকী থকা খেলবোৰত পৰাস্ত হ’ব লাগিব।

CSKই বৃহস্পতিবাৰে ইতিমধ্যে বাহিৰ হোৱা মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আৰু তাৰ পিছত গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেল অনুষ্ঠিত হ’ব।Times of Indiaৰ এক বাতৰি মতে “CSK শিবিৰে যোৱা কেইদিনমান ধৰি জাদেজাৰ আঘাতৰ মূল্যাঙ্কন কৰি আছিল কিন্তু আঘাত সঠিককৈ ভাল হোৱা নাই”। বাতৰিটোত আৰু কৈছে যে প্ৰতিযোগিতাখনত CSKই প্লেঅফলৈ যোগ্যতা অৰ্জন কৰাৰ যিহেতু অতি ক্ষীণ এটা আশা আছে সেয়ে নে এক অনিশ্চিত মুহূৰ্তত জাদেজাক দলত লৈ ৰিস্ক ল’ব ৱিচৰা নাই দলটোৱে।

আঘাতৰ উপৰি জাদেজাৰ নিজৰ ফৰ্ম চিএছকেৰ বাবে এক উদ্বেগজনক কাৰণ হৈ পৰিছে য’ত অলৰাউণ্ডাৰজনে এতিয়ালৈকে খেলা ১০ খন খেলত মাত্ৰ ১১৬ ৰাণ আৰু মাত্ৰ পাঁচটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply