Breaking

ছালৰ বাবে নাৰিকল অতি উপকাৰী। প্ৰতিদিনে ৰাতিপুৱা খোৱাৰ আৰম্ভ কৰক নাৰিকল…

0 62

যদি আপুনি উজ্বল ছালৰ গৰাকী হ’ব বিচাৰে তেন্তে প্ৰতিদিনে দৈনিক নাৰিকল খোৱাৰ আৰম্ভ কৰক। নাৰিকলত বহুতো পুষ্টিকৰ উপাদান থাকে। নাৰিকল পানী স্বাস্থ্যৰ বাবেও উপকাৰী। কেঁচা নাৰিকল খালে শৰীৰত প্ৰচুৰ পৰিমাণে লো, চেলেনিয়াম, আইৰণ, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু জিংক পোৱা যায়। কেৱল এয়াই নহয়, কিছু পৰিমাণে ভিটামিন চি আৰু ফোলেট নাৰিকলতো পোৱা যায়। গতিকে কেঁচা নাৰিকল সেৱনৰ ফলত শৰীৰে পোৱা আন আন উপকাৰৰ বিষয়ে জানো আহক…

যদি আপুনি ওজন কমাবলৈ চিন্তিত আৰু ৰাতিপুৱা আৰু গধূলি জিম কৰি ওজন কমোৱাৰ কথা ভাবিছে, তেন্তে কেঁচা নাৰিকল খোৱাৰ আৰম্ভ কৰক। খাদ্যত কেঁচা নাৰিকল অন্তৰ্ভুক্ত কৰক। এইখিনি খালে কলেষ্টেৰল স্বাভাৱিক হৈ থাকে। ইয়াৰ লগতে চৰ্বিও কমি যায়।

বাৰিষাৰ সময়ত চুলিৰ অৱস্থা বেয়া হৈ পৰে। এই সময়ত কেঁচা নাৰিকলে ছালখন ৰক্ষা কৰিব পাৰে। কেঁচা নাৰিকল খালে চুলি কোমল হয়। নাৰিকল খালে লাহে লাহে মুখৰ বলিৰেখাও কমিবলৈ আৰম্ভ কৰে। কেঁচা নাৰিকলত এন্টি অক্সিডেন্ট আৰু এন্টি ফাংগাল গুণ থাকে।

যিসকল লোকৰ পেটৰ লগত জড়িত সমস্যা আছে, তেওঁলোকে কেঁচা নাৰিকল খাবলৈ আৰম্ভ কৰিব লাগে। আচলতে ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। কোষ্ঠকাঠিন্যৰ সমস্যা ইয়াৰ দ্বাৰা নাইকিয়া হয়।

গতিকে, যদি আপোনাৰ এনে কিছু সমস্যা আছে তেন্তে নাৰিকল খোৱাৰ আৰম্ভ কৰক।

Leave A Reply