গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR

২৭ মে’- RCAR । গোগামুখৰ দিৰপাইস্থিত   ভাৰতীয় কৃষি গৱেষণা পৰিষদ ইংৰাজীত চমুকৈ আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশত সোমবাৰে অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ দিৰপাই চাপৰিস্থিত আই চি এ আৰৰ এই সৌন্দৰ্যপূৰ্ণ সভাখন উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ আদৰণি ভাষণ  দিয়ে আই চি এ আৰৰ গোগামুখ দিৰপাইস্থিত ভাৰপ্ৰাপ্ত বিজ্ঞানী ড° লোহিত কুমাৰ বৈশ্যই ৷

প্ৰতিষ্ঠা দিৱসৰ উদ্ধোধনী ভাষনত ডাঃ ৰণোজ পেগুৱে কয়-ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখনৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ সোণালী সপোন জৰিত হৈ আছে ৷ প্ৰতিষ্ঠানখনৰ স্থাপন আৰু দীৰ্ঘম্যাদী যাত্ৰাক সাকাৰ ৰূপ দিবলৈ মই যথেষ্ট পৰিশ্ৰম কৰিছোঁ ৷ ২০১৭ চনত গোগামুখত উপস্থিত হৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে  আধাৰশিলা স্থাপন কৰিছিল আৰু ইয়াত তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বহুল অৱদান আছে ৷ গৱেষণা প্ৰতিষ্ঠানখন স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰচেষ্টাক আমি সকলোৱে শলাগ ল’বই লাগিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দুৰদৰ্শী চিন্তাধাৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিক চিন্তাধাৰাৰ বাবে আমি আজি গোগামুখৰ দৰে এখন মফছলীয়া অঞ্চলত বিশ্বমানৰ কৃষি গৱেষণা প্ৰতিষ্ঠান লাভ কৰিছোঁ ৷ ডাঃ পেগুৱে কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়-  লখিমপুৰ আৰু আৰু ধেমাজি জিলা হৈছে খেতিৰ বাবে উৰ্বৰ ভূমি ৷ লখিমপুৰ আৰু ধেমাজি জিলাতে অসমৰ ভিতৰত সৰ্বাধিক ধান খেতি উৎপাদন হয় ৷ পশুপালনতো লখিমপুৰ আৰু ধেমাজি জিলা অসমৰ ভিতৰতে সৰ্বোচ্চ  যদিও বাণিজ্যিক নহয় ৷ নিজৰ জীৱন শৈলী বা জীৱিকাৰ বাবেহে কৃষিকৰ্ম কৰে ৷ কিন্তু ইয়াক আমি বাণিজ্যকৰণ কৰিলে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ’ব ৷ এইক্ষেত্ৰত ভ ভাৰতীয় কৃষি গৱেষণা  প্ৰতিষ্ঠানে বিশেষ উদ্যোগ লৈ ইয়াৰ সাৰুৱা ভূমিক মূল হিচাপে লৈ ভিন্ন তৰহৰ কৃষি উৎপাদন কৰি লাভান্বিত কৰিব পৰাকৈ কৃষিজীৱী ৰাইজক বিজ্ঞানসত্মত কৃষিকৰ্মত আগ্ৰহী কৰি তুলিব পাৰে ৷ আমি এতিয়া আত্মনিৰ্ভৰশীল নতুন ভাৰতৰ নাগৰিক ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰে ভাৰত এতিয়া স্বাভিমানী দেশ ৷ এই আত্মনিৰ্ভৰশীল নতুন ভাৰতত আমি কৃষিক অত্যাধুনিকৰণ কৰিব লাগিব ৷ এই অত্যাধুনিকৰণৰ মুল শিপা হ’ব লাগিব কৃষি আৰু কৃষিৰ নব্যকৰণ আৰু নতুন বিপ্লৱ ৷ এই নতুন বিপ্লৱক বিশাল আকাৰ দিব লাগিব গোগামুখৰ  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ৷ মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ যে, আমাৰ এই ভাৰতীয় কৃষি গবেষণা প্ৰতিষ্ঠানে আত্মনিৰ্ভৰশীল নতুন ভাৰতৰ আত্মাৰূপে এদিন পৰিগণিত হ’ব ৷ তেওঁ গৱেষণা প্ৰতিষ্ঠানৰ এই সুন্দৰ মূহুৰ্তত উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰা বুলিও দোহাৰে ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে   যোৰহাটৰ এ.এ.ই.ৰ পঞ্জীয়ক  তপন কৃষ্ণ গোহাঁই  পঞ্জীয়ক, এ এ ইউ, যোৰহাট;  আই এ আৰ আইৰ যুটীয়া সঞ্চালক (গৱেষণা) ড° বিশ্বনাথন চিন্নছামী;  ধেমাজিৰ জিলাৰ আয়ুক্ত  ৰাহুল সুৰেশ জাভিৰ ড

  আই এ আৰ আইৰ সঞ্চালক তথা অনুষ্ঠানৰ অধ্যক্ষ নিৱাস ৰাও,  ড° এ কে বালাঞ্জ ৷  নৱম বৰ্ষপূৰ্তি উপলক্ষে ড° অক্ষয় কুমাৰ, কিশোৰ চন্দ্ৰ চাহু, সুমলতা এ  ৰেড্ডীক(মহিলা) শ্ৰেষ্ঠ যুৱ বিজ্ঞানী, বছৰীয়া শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে ড° অৰ্পণ ভৌমিক, শ্ৰেষ্ঠ প্ৰশাসক হিচাপে সৰুজ কুমাৰ সিং,  শ্ৰেষ্ঠ কাৰিকৰী বিজ্ঞানী হিচাপে সঞ্জয় কুমাৰ,  শ্ৰেষ্ঠ ছাত্ৰ হিচাপে অভিজা, শিৱাংগী সিং, (প্ৰথম বৰ্ষ),  মণিষা মালিক(দ্বিতীয় বৰ্ষ), কুমছিক সম্ভান্ষী(তৃতীয় বৰ্ষ), শ্ৰেষ্ঠ কৃষক হিচাপে পংকজ উপাধ্যায়(পুৰুষ), ৰেনুকা দেওকটা(মহিলা) আৰু শ্ৰেষ্ঠ মেডিয়া হিচাপে অমিত ৰামছিয়াৰীক সম্বধৰ্না জনোৱা হয় ৷ উল্লেখনীয় যে, সৰ্বভাৰতীয় পৰ্যায়ৰ আই চি এ আৰত বৰ্তমান ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩৬ গৰাকী বিজ্ঞানী আছে ৷

Related Articles