RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ

RCBৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ এক্সন কৰ্ণাটক চৰকাৰৰ।

RCBৰ শীৰ্ষ বিষয়াসহ মুঠ ৪ গৰাকীক গ্ৰেপ্তাৰ।(RCB marketing head arrested)

RCB দলৰ মার্কেটিং হেডক গ্ৰেপ্তাৰ।

নিখিল চৌচলেক গ্ৰেপ্তাৰ আৰক্ষীৰ।(Nikhil Sosale)

নিখিলক বাংগালুৰু বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ।

পদপিষ্টৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ নিখিল চৌচলেক।

RCBৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে গ্ৰেপ্তাৰ চাৰিওগৰাকীক।

বেংগালুৰু চহৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ এজন শীৰ্ষ বিষয়া আৰু ডি এন এ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ তিনিজনক গ্ৰেপ্তাৰ কৰে।

ডি এন এ এণ্টাৰটেইনমেণ্ট আছিল ইভেণ্ট মেনেজমেণ্ট কোম্পানী যিয়ে চহৰখনত আৰ চি বিৰ বিজয় পেৰেডৰ আয়োজন কৰিছিল য’ত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যু হয়, আনহাতে ৬৪ জন লোক আহত।

৪ জুন বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হৈছিল এই ঘটনা।

Related Articles