Breaking

লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা

0 16

দুটা শাখাতেই লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী স্কুল শ্ৰেষ্ঠ

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰ ডি মটৰ প্ৰাঃলিঃৰ ডিলাৰৰ উদ্যোগত আজি বিভিন্ন স্কুলৰ ৮৪ জন ছাত্র ছাত্রী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মাৰুতী চুজুকী কোম্পানীয়ে নতুন মডেলৰ চুইপ লঞ্চ কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে বিশেষ আমন্ত্রিত অতিথি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰক্ষী বিষয়া জিতেন্দ্র সিঙে। তেখেতৰ লগত সহযোগ কৰে লাহৰীঘাট আৰ ডি মটৰ, ডিলাৰৰ ইনচার্জ আয়েজ আলী ওৰফে ধনে। অনুষ্ঠানটিত আমন্ত্রিত অতিথি হিচাপে মৰিগাঁও জিলা মেনেজাৰ তপন দাস, এচ এম মুক্তাজ আহমেদ, টি এল ইন্দ্ৰ কমল ডেকা, টি এল নীলোৎপল দেবনাথৰ লগতে ডিলাৰৰ ষ্টাফ মেম্বাৰ সকল, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক সকলৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক মকবুল হুছেইন, চোৰহাব আলী, লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ অধ্যক্ষ চোলমান আলী, ডিলাৰৰ ভুমি দাতা লোকমান হেকিমৰ উপৰিও বহু স্হানীয় গন্যমান্য ব্যক্তি সকল উপস্থিত আছিল।

প্ৰতিযোগিতাত মুঠ ৭৪ গৰাকী ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰিছিল যদিও বিচাৰকৰ মূল্যায়নৰ ভিত্তিতে দুটা শাখাত অনুযায়ী ৬ জন ক্ৰমে গ্ৰোপ এ প্ৰথম লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ মিথিশৰ বৰমহেলা, দ্বিতীয় মৰিয়ম মেহবুবা আৰু তৃতীয় স্হানত জেফৰীন চুলতানা, একেই দৰে গ্ৰোপ বিতো লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ প্রথম ৰীফা তামান্না জান্নাত , দ্বিতীয় তানিয়া আহমেদ আৰু তৃতীয় স্থানত জিয়াদ আহমেদক বঁটা প্ৰদান কৰা হয়। বঁটা হিচাপে বিজয়ী ছাত্র ছাত্রী সকলক এখনকৈ মানপত্র, ট্ৰফী, আৰ ডি মটৰ প্ৰাঃলিঃ নাম থকা ফ্লাক্স প্ৰদান কৰা হয়। অৱশ্যে বিজয়ী নোহোৱা প্ৰতিযোগী সকলকো নিচুকনি বঁটা হিচাপে এখনকৈ ফ্লাক্স প্ৰদান কৰা হয়।

চিত্ৰাংকণ প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্বত আছিল লাহৰীঘাট প্ৰাঃ বিঃৰ সহকাৰী শিক্ষক মৃণাল কলিতাৰ লগতে চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ আৰু তিনি গৰাকী শিক্ষক। বঁটা প্ৰদান অনুষ্ঠানত আটাইকেইটা স্হানতে বঁটা লাভ কৰে লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ছাত্র ছাত্রী সকলে।যিহেতু নতুন মডেলৰ গাড়ী লঞ্চ কৰাৰ উদ্দেশ্যে অনুষ্ঠানটিৰ আয়োজন কৰিছিল সেইহেতু আজি আনুষ্ঠানিক ভাবে দাতিয়ালবড়ী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাইনুল হক চৌধুৰীয়ে এটা মাৰুতী চুজুকী গাড়ী বুক কৰে ।

Leave A Reply