Breaking

বঙাইগাঁৱৰ বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ দলঙৰ কাম পুনৰ শুভাৰম্ভ

0 20

বঙাইগাঁৱৰ বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ দলঙৰ কামৰ পুনৰ শুভাৰম্ভ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই বিধায়ক আব্দুল বাতেন খন্দকাৰে শুভাৰম্ভ কৰে ২৯ কৌটি টকাৰ কাম।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখনৰ পুনৰ কামৰ শুভাৰম্ভ কৰা হয়। প্ৰায় ১১ বছৰে অসম্পূৰ্ণ হৈ থকা দলংখন যোৱা ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰি কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰে আৰু আজি ১১ ডিচেম্বৰত বঙাইগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ডি এম মেধি, সৃজনগ্ৰাম ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বিধায়ক আব্দুল বাতেন খন্দকাৰে কামৰ শুভাৰম্ভ কৰে।

অহা এপ্ৰিল মাহৰ ভিতৰত দলংখনৰ পূৱফালে ৰাস্তাৰ কাম সম্পূৰ্ণ কৰি যাতায়তৰ বাবে সুচল কৰি তুলিব। প্ৰায় ২৯ কৌটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হব লগা এই দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠিলে আই নদীৰ পূব ফালৰ অৰ্ধশতাধিক গাৱৰ লোকৰ যাতায়ত ব্যাহত সুচল হৈ উঠিব।

মাণিকপুৰৰ পৰা মফিদুল ইছলামৰ প্ৰতিবেদন

Leave A Reply