Breaking

ভাৰতৰ জনসংখ্যাক বৃদ্ধিকলৈ জাৰ্মান আলোচনী ‘ডেৰ স্পিগেল’ৰ বিতৰ্কিত কাৰ্টুনকলৈ প্ৰতিক্ৰিয়া

0 57

জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে চীনক অতিক্ৰম কৰিবলৈ সাজু হোৱাৰ সময়তে জাৰ্মান আলোচনী ‘ডেৰ স্পিগেল’-এ ভাৰতৰ জনগাঁথনিগত পৰিৱৰ্তনকলৈ এক বিৰ্কিত কাৰ্টুন প্ৰকাশ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰকাশিত ‘বৰ্ণবাদী’ কাৰ্টুনে ভাৰতীয়সকলক বিৰক্ত কৰি তুলিছে। কাৰ্টুনখনত এখন মানুহেৰে ভৰি থকা ৰেল দেখুওৱা হৈছে। ৰে’ল খনত মানুহে ইয়াৰ ত্ৰিৰংগা উৰুৱাই থকা দেখা গৈছে। আনহাতে কাষেৰে গৈ আছে এখন চীনা বুলেট ট্ৰেইন । কাৰ্টুনটোৱে চীনৰ প্ৰযুক্তিগত উন্নতিৰ সৈতে আৰু ভাৰতক জনসংখ্যাৰ ভৰক দেখুৱাব বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে। কাৰ্টুনখনক লৈ ভাৰতীয়সকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰা বুলি বহুতে সমালোচনা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ উপদেষ্টা কাঞ্চন গুপ্তাই কয়, “হাই জাৰ্মানী, এয়া অত্যাধিক বৰ্ণবাদী।’’

কাৰ্টুনখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই কয়, “জাৰ্মান ভাষাত প্ৰভাৱশালী আলোচনী ডেৰ স্পিগেলৰ নামৰ অৰ্থ হৈছে দ্য মিৰ’ৰ। কিন্তু এই অপমানজনক, বৰ্ণবাদী কাৰ্টুনৰ দ্বাৰা, ই ইয়াৰ নাম বৰ্ণবাদী কৰা উচিত।” উল্লেখ্য চীনক চেৰ পেলাই ভাৰতে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশত পৰিণত হৈছে।

Leave A Reply