Breaking

পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ বিষয়ে পঢ়ক

0 2,859

ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত উমানন্দ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ৷ই কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ  উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত ৷ উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে আৰু  এই  উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। জনশ্ৰুতিৰ মতে শিৱই এই ঠাইতে তেওঁৰ তৃতীয় নয়নেৰে কামদেবক ভস্ম কৰিছিল ৷ সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে।  সেইবাবে ইয়াৰ আন এটা নাম ভস্মাচল l ইয়াক পাৰৰ পৰা চালে পেখম ধৰি থকা ময়ুৰ এটিৰ দৰে দেখি বাবে দ্বীপটোক ইংৰাজে নাম দিছিল ময়ুৰদ্বীপ বা Peacok Island ৷

ই এটা শিলৰ দ্বীপ।দুইধৰণৰ শিল আছে ইয়াত।প্ৰথমবিধ স্থানীয়-অৰ্থাৎ এই ঠাইতে উৎপত্তি হৈ থাকি যোৱা;দ্বিতীয়বিধ সম্ভৱত: অইন ঠাইৰ পৰা আনি ইয়াত ৰখা।দ্বীপটোত শিল বেছি,মাটি কম।মাটিখিনি সম্ভৱত:মন্দিৰ স্থাপনৰ সুবিধাৰ বাবে,শিলাখণ্ডৰ মাজৰ ফাঁকবোৰ সমান কৰিবলৈ নৈখনৰ বুকুৰ পৰা নহ’লে পাৰৰ পৰা মাটি আনি জাপি দিয়া হৈছিল।ভুতাত্বিক পৰীক্ষা কৰিলে এই সম্পৰ্কে নিশ্চিত হ’ব পৰা যাব।দ্বীপটোত তিনিটা মন্দিৰ আছে ৷ উমানন্দৰ মুল মন্দিৰটো হ’ল উমানন্দ দ’ল বা মন্দিৰটো ৷ মন্দিৰটো আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত গড়গঞা সন্দিকৈ ফুকনে ১৬৯৪ নিৰ্মাণ কৰে ৷ ইয়াত এটা ৰূপৰ খোদিত শিৱমূৰ্ত্তি আছে আৰু ইয়াত শিৱ পূজা কৰা হয় ৷ আনদুটা মন্দিৰৰ চন্দ্ৰশেখৰ মন্দিৰটো আহোম ৰজা চন্দ্ৰকান্ত সিংহই ১৮২০ চনত নিমাৰ্ণ কৰে৷ইয়াৰ আকৃতি অষ্টভুজ আৰু ইয়াত এটা শিৱলিংগ আছে ৷  আনটো হৰ-গৌৰী মন্দিৰটো আহোম ৰজা গৌৰীনাথ সিংহই নিৰ্মাণ কৰে৷

উমানন্দত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিৰ বাবে উমানন্দ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মেলা বহে আৰু বহুত ভক্তৰ সমাগম হয় ৷

Leave A Reply