জামুগুৰিহাটত মাইক্ৰ ফাইনেঞ্চৰ ধন ৰেহাই দিয়াৰ সন্দৰ্ভত সম্প্ৰতি গঞাঁ মহিলাৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেঞ্চৰ ধন ৰেহাই দিব বুলি সম্প্ৰতি গঞাঁ মহিলাক  প্ৰতাৰণা প্ৰৱঞ্চনা কৰা বুলিহে গুৰুত্বৰ অভিযোগ উঠিছে ৷ গাৱেঁ গাৱেঁ প্ৰতিৱাদ সৃষ্টি হৈছে মহিলা সকলৰ ৷ নিৰ্ব্বাচনৰ প্ৰাক মূহুৰ্ত্বত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলৰ ঋণ মাফ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিয়াত গঞাঁ মহিলা সকল বিপদত পৰা বুলিহে মন্তৱ্য কৰে একাংশ মহিলাই ৷ এই দৃশ্য জামুগুৰিহাটৰ হাটিঙাৰ ৷ এই সকল মহিলা চৰকাৰে বান্ধি দিয়া নীতি নিয়মত সুন্তুষ্ট নহয় বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰক এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে ৷ মহিলা সকলে এশ শতাংশ ঋণেই কোনো চৰ্ত নোহোৱাকৈ মাফ কৰি দিয়াৰ দাৱী জনাইছে ৰাজ্য চৰকাৰক ।

Related Articles