Breaking

শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, টংলাত সম্বৰ্ধনা অনুষ্ঠান আৰু হোলী পালন

0 104

গুৰুদুজনাৰ সৃষ্টিৰাজিক আমি সদায়েই সজীৱ কৰি ৰাখিব লাগিব।গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰখনৰ উন্নীতকৰণৰ বাবে সেৱা আগবঢ়াবলৈ মই প্ৰস্তুত আছো।

টংলাস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ তৰফৰ পৰা আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য তথা মুদৈবৰী সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱাই এইদৰে কয়।তেখেতে পুনৰ কয় মোৰ সমষ্টিৰ উন্নয়ন পুঁজিৰ ৫লাখ টকা আৰ্থিক অনুদানেৰে সত্ৰৰ উৱলি যোৱা টিনপাত গুচাই নতুনকৈ লগোৱা হয়।

১৯৬৭ চনত স্থাপিত সত্ৰখনক জাকত জিলিকা কৰিবলৈ মই পাৰ্যমানে চেষ্টা চলাই যাম বুলি ভকত বৈষ্ণবৰ সমুখত প্ৰতিশ্ৰুতি দিয়ে।সম্বৰ্ধনা প্ৰাপক বৰুৱাক ফুলাম গামোচা, শৰাই সঁফুৰা ,চেলেং চাদৰ আৰু মানপত্ৰ প্ৰদান কৰে।

সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গৌতম কুমাৰ দাসে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি বলিৰাম ডেকা, অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱা, সমাজকর্মী ডিম্ভেশ্বৰ ডেকা, ডিম্ভেশ্বৰ দাস, সাংবাদিক নাৰায়ণ ডেকা, সত্ৰৰ ভকত বৈষ্ণৱ,আই মাতৃ, যুৱ,শিশু উপস্থিত থাকে।

হোলী বা ফাকুৱা উৎসৱৰ গোন্ধ উপলক্ষে আজি সত্ৰখনত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে।সত্ৰখনৰ ডেকা ভকতসকলে হোলী গীত পৰিৱেশন কৰে৷

Leave A Reply