Breaking

নাৰীৰ উপাৰ্জন আৰু লিংগ ব্যৱধানৰ বিষয়ত কৰা গৱেষণাৰ স্বীকৃতি ! ক্লাউডিয়া গোল্ডেনলৈ অৰ্থনীতিৰ নোবেল বঁটা…

0 61

সোমবাৰে ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। নাৰীৰ উপাৰ্জন আৰু লিংগ ব্যৱধানৰ বিষয়ত কৰা গৱেষণাৰ স্বীকৃতি স্বৰূপে অৰ্থনীতিবিদ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল৷ ষ্টকহ’মৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে সোমবাৰে ঘোষণা কৰে যে অধ্যাপিকা শ্ৰম অৰ্থনীতিবিদ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনক ২০২৩ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

আনুষ্ঠানিকভাৱে আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ প্ৰদান কৰা বঁটাটোত ১ কোটি ১০ লাখ কোটি টকাৰ ধনৰাশি আগবঢ়োৱা হয়৷১৯৪৬ চনত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা ক্লাউডিয়া গোল্ডিন কেম্ব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে বিবৃত্তিযোগে জনায় যে,”এইবাৰৰ অৰ্থনৈতিক বিজ্ঞানৰ বঁটা বিজয়ী ক্লাউডিয়া গোল্ডিনে শতিকাজুৰি মহিলাৰ উপাৰ্জন আৰু শ্ৰম বজাৰত অংশগ্ৰহণৰ প্ৰথম বিস্তৃত বিৱৰণ আগবঢ়াইছিল। তেওঁৰ গৱেষণাই পৰিৱৰ্তনৰ কাৰণসমূহ উন্মোচন কৰিছে, লগতে বাকী থকা লিংগ ব্যৱধানৰ মূল উৎসসমূহো উন্মোচন কৰিছে।” উদ্ভাৱক আৰু উদ্যোগী আলফ্ৰেড নোবেলৰ ইচ্ছাত প্ৰতিষ্ঠিত অনুষ্ঠানটিত বিজ্ঞান, সাহিত্য আৰু শান্তিৰ মূল নোবেল বঁটা প্ৰদান কৰাৰ বিপৰীতে অৰ্থনীতি বঁটাটো পিছলৈ প্ৰৱৰ্তন কৰা হয়। ছুইডেনৰ কেন্দ্ৰীয় বেংকে ১৯৬৮ চনত ইয়াক আৰম্ভ কৰি পুঁজি আগবঢ়াইছিল।

১৯৬৯ চনৰ পৰা অৰ্থনীতিৰ বঁটা প্ৰদান কৰা হয় আৰু এই বিজয়ীসকলৰ ভিতৰত ফ্ৰেড্ৰিখ আগষ্ট ভন হায়েক, মিল্টন ফ্ৰাইডমেন আৰু শেহতীয়াকৈ আমেৰিকাৰ অৰ্থনীতিবিদ পল ক্ৰুগমেনৰ দৰে ব্যক্তিকে ধৰি বহুতো প্ৰভাৱশালী পণ্ডিত আৰু চিন্তাবিদক সামৰি লৈছে।

উল্লেখ্য যে কাৰাবন্দী হৈ থকা ইৰাণৰ মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক প্ৰদান কৰা শান্তিৰ নোবেল বঁটাৰ পাছতে অৰ্থনৈতিক নোবেল ঘোষণা কৰা হৈছে। নোবেল কমিটীয়ে তেওঁৰ দেশত “নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে” আৰু “সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাক প্ৰসাৰিত কৰাৰ বাবে” শান্তি বঁটা আগবঢ়োৱা হৈছে।

Leave A Reply