Breaking

মিছন বসুন্ধৰা ৰূপায়নত নিষ্ঠা-সততাৰ সেৱাৰ স্বীকৃতি…

0 1,598

অসম চৰকাৰৰ অভিলাসী আচনি মিছন বসুন্ধৰাৰ কাম কাজ সফল ৰূপায়নৰ ক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসে শ্ৰেষ্ঠ ৰাজহ বিভাগৰ সন্মানৰে সন্মানিত হৈ মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা মিছন বসুন্ধৰা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ সফল সামৰণী অনুষ্ঠানত  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্মান আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।

অতি ভদ্ৰ সহজ সৰল আৰু দায়িত্ব শীল বিষয়া হিচাপে সকলো শ্ৰেণীৰ জনগণ তথা লোকৰ মাজত নিষ্ঠাবান সৈনিক হিচাবে কাম কৰি অহা বিষয়া গৰাকীয়ে  সন্মান লাভ কৰাৰ ক্ষেত্ৰত মৰিগাঁও জিলাৰ উপায়ুক্ত গৰাকীৰ যথেষ্ট অৱদান থকাত  দুয়ো গৰকী এ চি এচ বিষয়া  মৰিগাঁও জিলাবাসীৰ অতি আপোন হৈ পৰা পৰিলক্ষিত হৈছে। ইপিনে জিলা খনৰ ভুৰাগাও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংকা ভনীয়াই নিজৰ কৰ্তব্য পালন কৰি মুখ্য মন্ত্ৰীৰ পৰা পাৰদৰ্শিতা বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত স্বাভাবিকতে ভুৰাগাও অঞ্চলৰ ৰাইজে প্ৰশংসা কৰিছে বিষয়া গৰাকীক। উল্লেখযোগ্য যে যোৱা সাত মাহ পূৰ্বে চৰকাৰে হাতত লোৱা মিছন বসুন্ধৰা প্ৰকল্প-১ সামৰণী অনুষ্ঠানত অসমৰ সকলো জিলাৰ ৰাজহ সংক্ৰান্তীয় কাম কাজত জড়িত বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।

Leave A Reply